বিভিন্ন দুৰাৰোগ্য ৰোগৰ কাৰণ হৈছে ধুম্ৰপান ৷ যাৰ বাবে বহু দেশত নিষিদ্ধ কৰা হৈছে ধঁপাতজাতীয় সামগ্ৰী ৷ এইবাৰ ধপাঁতজাতীয় সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে নিউজীলেণ্ডে ৷ ২০০৯ চনৰ ১ জানুৱাৰীৰ পিছত জন্ম হোৱা কোনো ব্যক্তিয়ে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে। নিউজিলেণ্ড চৰকাৰে দেশখন ধঁপাতমুক্ত কৰিবলৈ কঠোৰ আইন বলবৎ কৰিছে ৷ সেই দেশৰ সংসদে মঙলবাৰে বিধেয়কখন গৃহীত কৰে। আইন উলংঘা কৰি ধৰা পৰিলে ৯৫হাজাৰ মাৰ্কিন ডলাৰতকৈ অধিক জৰিমনা বিহা হ’ব ৷ ভাৰতীয় মুদ্ৰাত এই পৰিমান হৈছে প্ৰায় আশী লাখ টকা ৷
নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰী আয়েছা ভেৰালে মঙলবাৰে সংসদত উত্থাপন কৰে এই বিধেয়কখন। বাওঁপন্থী লেবাৰ পাৰ্টি, গ্ৰীণ পাৰ্টি আৰু টে পট্টি মাওৰীয়ে এই বিধেয়কখনক সমৰ্থন কৰে। স্বাস্থ্যমন্ত্ৰী আয়েশাই কয় যে তেওঁলোকে ভৱিষ্যতে এখন ধূমপানমুক্ত দেশ গঢ়িব বিচাৰে। তেওঁ আশা কৰিছে যে এই নতুন আইনখনে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী ৯০ শতাংশ হ্ৰাস কৰিব। বৰ্তমান নিউজিলেণ্ডৰ প্ৰায় ৬ হাজাৰ কোম্পানী ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ সৈতে জড়িত। মন্ত্ৰীগৰাকীৰ মতে, নতুন আইনখন গৃহীত হোৱাৰ পিছত সেই সংখ্যা ৬০০ হ’ব।
মন্ত্ৰীগৰাকীৰ মতে, ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ ফলত কেন্সাৰ, হৃদৰোগ , অংগ ক্ষয় আদি সমস্যাৰ সৃষ্টি হয়। তেওঁলোকৰ চিকিৎসাৰ বাবে ২৬,৪০০ কোটি টকা খৰচ হয় ৷এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত মানুহে বেছি দিন জীয়াই থাকিব, সুস্থ জীৱন যাপন কৰিব আৰু এই খৰচ বহু পৰিমাণে কমি যাব বুলি আশা কৰিছে মন্ত্ৰী গৰাকীয়ে । চৰকাৰী হিচাপ অনুসৰি নিউজিলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮ শতাংশই বৰ্তমান ধূমপান কৰে। স্বাস্থ্যমন্ত্ৰীয়ে আশা কৰিছে যে ২০২৫ চনৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ ধূমপানমুক্ত দেশ নিৰ্মাণ কৰিবলৈ সক্ষম হ’ব। কিন্তু বিধেয়কখন গৃহীত হ’লেও সংখ্যালঘু সোঁপন্থী বিৰোধী দল এচিটিয়ে এই আইনখনৰ বিৰোধিতা কৰিছিল। ধঁপাত ব্যৱসায়ীৰ ক্ষতি হ’ব বুলি তেওঁলোকে দাবী কৰে।