VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি বাৰু জানেনে যে পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি কংক্ৰিটৰ?

ৰোমানিয়াৰ ৰজা কেৰল প্ৰথম আৰু ৰাণী এলিজাবেথৰ গ্ৰীষ্মকালীন বাসগৃহ আছিল এই পেলেছ দুৰ্গ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in সমাজ
আপুনি বাৰু জানেনে যে পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি কংক্ৰিটৰ?
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

পেলেছ দুৰ্গ ৰোমানিয়াৰ এক অন্যতম ঐতিহাসিক দূৰ্গ ৷ ইয়াৰ ঐতিহাসিক আৰু কলাত্মক মূল্যৰ বাবে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ই  ইউৰোপৰ এক অন্যতম গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন ৰূপে চিহ্নিত হৈছে। ১৮৭৩ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত স্থপতিবিদ জোহানেছ শ্বাল্টজ আৰু কেৰেল লিমানে নিৰ্মাণ কৰিছিল ৰোমানিয়াৰ প্ৰথম ৰাজকীয় দম্পতী ৰজা কেৰল প্ৰথম (১৮৬৬-১৯১৪) আৰু ৰাণী এলিজাবেথৰ গ্ৰীষ্মকালীন বাসগৃহ এই পেলেছ ।

উল্লেখনীয়  যে ইয়াৰ ১৭০টা কোঠাৰ ডিজাইনৰ  তদাৰক কৰিছিল  ৰাণী এলিজাবেথে ৷ ইউৰোপীয় শিল্পৰ উন্নতমানৰ উদাহৰণ, মুৰানো স্ফটিক চেণ্ডেলিয়াৰ, জাৰ্মান ষ্টেইনড গ্লাছৰ খিৰিকী, কৰ্ডোবা চামৰাৰ দেৱাল, মেইচেন আৰু চেভ্ৰেছ চীনামাটি, আবলুছ আৰু হাতীদাঁতৰ ভাস্কৰ্য্যৰে সজোৱা হৈছে এই আকৰ্ষণীয় প্ৰসাদ । ইউৰোপৰ ৰাজপ্ৰসাদসমূহৰ ভিতৰত অন্যতম এই দুৰ্গত প্ৰথম অৱস্থাত বিদ্যুৎ, চেণ্ট্ৰেল হিটিং আৰু লিফ্টো  আছিল। এই দুৰ্গৰ মূল প্ৰৱেশদ্বাৰ ‘হল অৱ অনাৰ’ত ভিয়েনাৰ আখৰোটৰ কাঠত খোদিত শিল্পকৰ্মই আজিও আকৰ্ষিত কৰে সমগ্ৰ বিশ্বৰ পৰ্য্যটকক ৷ ইয়াৰ সৰ্পিল চিৰি আৰু  বেলকনিবোৰ আৰু স্লাইডিং গ্লাছৰ চালেৰে পাৰ হৈ অহা পোহৰ সকলোবোৰেই যেন আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

ইফালে এই দুৰ্গৰ আৰ্মৰী হলত আছিল জাপান, পাৰস্য, ভাৰত আৰু তুৰস্কৰ ১৫ শতিকাৰ ৩৫০০ অস্ত্ৰ সামগ্ৰী। লগতে ইয়াৰ আকৰ্ষণীয় পুথিভঁৰালটোত আছিল এলিজাবেথে কাৰ্মেন চিলভা  নামেৰে লিখা ৪০খন কিতাপ।

গুৰুত্বপূৰ্ণ কথা হ’ল যে এই পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি হ’ল কংক্ৰিটৰ।

জানিব পৰা মতে এই প্ৰসাদ নিৰ্মাণ কৰা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আছিল ৰোমানিয়াৰ শিল্পী। সেইসময়ত এই শ্ৰমিকসকলৰ মজুৰি আছিল প্ৰতিদিনে ৫ৰ পৰা ৭ ফ্ৰাংক ৷ শ্ৰমিকৰ মজুৰি আছিল ৩ ফ্ৰাংক, আনহাতে শিলৰ কাম কৰা লোকসকলক কামৰ প্ৰকাৰ আৰু পৰিমাণ অনুসৰি পাৰিশ্ৰমিক দিয়া হৈছিল ৷

ছমাহ  দিনে-নিশাই কাম কৰি ১৪০ গৰাকী শিল্পীয়ে এই দুৰ্গৰ প্ৰৱেশদ্বাৰ ‘হল অৱ অনাৰ’ৰ পেনেলিঙত খোদিত কৰা ২০০০টা আখৰ নিৰ্মাণ কৰিছিল বুলি জনা যায়  । ১৯১১ চনত এই হল অৱ অনাৰৰ নিৰ্মাণ, সজ্জা আৰু আচবাবৰ মূল্য আছিল  ১০ লাখ ৰ’ণ সোণ ।

১৮৮৩ চনত অৰ্থাৎ উদ্বোধনী বছৰটোতে মাইঞ্জৰ থিয়ৰগাৰ্টনাৰ কোম্পানীয়ে এই দুৰ্গটো হাইড্ৰেণ্টেৰে সজ্জিত কৰিছিল যি  এতিয়াও কাৰ্যক্ষম হৈ আছে।

 

 

Previous Post

কৰ্মচাৰীক আচৰিত কৰি মালিকে দিলে ৮০লাখ টকাৰ বৰদিনৰ বোনাছ

Next Post

ধঁপাত বিক্ৰী কৰিলেই ৮০ লাখ টকা জৰিমনাঃ ধূমপান প্ৰতিৰোধৰ বাবে এই কঠোৰ আইন কোন দেশত বলবৎ হ’ব ?

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
ধঁপাত বিক্ৰী কৰিলেই  ৮০ লাখ টকা জৰিমনাঃ  ধূমপান প্ৰতিৰোধৰ বাবে এই কঠোৰ আইন কোন দেশত বলবৎ হ’ব ?

ধঁপাত বিক্ৰী কৰিলেই ৮০ লাখ টকা জৰিমনাঃ ধূমপান প্ৰতিৰোধৰ বাবে এই কঠোৰ আইন কোন দেশত বলবৎ হ’ব ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7