বিশ্বত বৃদ্ধি পাইছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা । শেহতীয়াকৈ ‘ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ (আৰ এছ এফ)ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিবেদনত উল্লখ কৰা অনুসৰি ২০২১ চনত কাৰাগাৰত বন্দী সাংবাদিকৰ সংখ্যা ৪৮৮ জন ৷ ২০২২ চনত এমাহ বাকী থকা অৱস্থাত এই সংখ্যা ৫৩৩ জনলৈ বৃদ্ধি পাইছে!
সমীক্ষা অনুসৰি সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৫খন দেশ আগবাঢ়ি আছে। বিগত কেইবছৰৰ দৰেই এইবাৰো চীন শীৰ্ষত আছে। তাৰ পিছত ক্ৰমে ম্যানমাৰ, ইৰাণ, ভিয়েটনাম আৰু বেলাৰুছ। এই প্ৰসংগত আৰ এছ এফৰ মুৰব্বী ক্রিষ্টোফাৰ ডেলাৱেৰে কয়, “বিশ্বৰ বিভিন্ন দেশৰ স্বৈৰাচাৰী শাসন ব্যৱস্থাই সাংবাদিকক যিদৰে দ্ৰুতগতিত গ্ৰেপ্তাৰ কৰিছে, সেয়া পূৰ্বতে দেখা পোৱা নাছিলো।” বিশ্বৰ বিভিন্ন দেশত চৰকাৰৰ বিৰুদ্ধে সত্য উলিয়াই অনাৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিকসকলৰ কাষত থিয় দিবলৈ চেষ্টা কৰিব বুলিও তেওঁ কয়।
ইয়াৰ পূৰ্বে সাংবাদিকক গ্ৰেপ্তাৰ কৰা শীৰ্ষ পাঁচখন দেশৰ ভিতৰত নাছিল ইৰাণ। কিন্তু যোৱা ছেপ্টেম্বৰ মাহত আৰক্ষীৰ জিম্মাত মহছা আমিনীৰ মৃত্যুৰ পিছত দেশজুৰি বিয়পি পৰা হিজাব বিৰোধী আন্দোলনেও সংবাদ মাধ্যমে চৰকাৰৰ গতানুগতিক আৰু ৰক্ষণশীল নীতিৰ বিৰোধিতা কৰা দেখা গৈছে। ইয়াৰ পিছত ইৰাণ প্ৰশাসনে ৩৪ জন সাংবাদিকক গ্ৰেপ্তাৰ কৰে। প্ৰতিবেদনত ২০২২ চনতো মহিলা সাংবাদিকক গ্ৰেপ্তাৰৰ সংখ্যা উল্লেখ কৰা হৈছে। চলিত বৰ্ষত এতিয়ালৈকে ৭৮ গৰাকী মহিলা সাংবাদিক কাৰাগাৰত আছে। ইয়াৰ আগতে কেতিয়াও ইমান মহিলা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।
পৰিসংখ্যাৰ পৰা স্পষ্ট যে সাংবাদিকক কাৰাবন্দী কৰাৰ অধিকাংশ গোচৰ এছিয়াত সংঘটিত হৈছে ৷ বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশসমূহত। প্ৰতিবেদনত উল্লেখ কৰা মতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এই দেশসমূহত বন্দী সাংবাদিকৰ সংখ্যা বৃদ্ধি পাইছে।