VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘পাঠকেই কাহিনীৰ চৰম কাঠগৰা’;জুৰি বৰুৱা

গল্পকাৰ জুৰি বৰুৱাৰ মতে কিছুমান গল্পৰ চৰিত্ৰই আমাক শিকাই যে লেখক আচলতে মানুহৰে এক অংশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in সংস্কৃতি
‘পাঠকেই কাহিনীৰ চৰম কাঠগৰা’;জুৰি বৰুৱা
0
SHARES
71
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ৰ অসমৰ এগৰাকী স্বনামধন্য লেখিকা জুৰি বৰুৱাৰ দ্বিতীয় গল্প সংকলন খন হ’ল ‘প্ৰাক্তন’ ৷ লেখিকা গৰাকীয়ে জানিবলৈ দিয়া মতে পাঞ্চজন্য বুকছৰ দ্বাৰা প্ৰকাশ পোৱা গল্প সংকলন ‘প্ৰাক্তন’ৰ এই দ্বিতীয় সংস্কৰণটোত নতুনকৈ সংযোজিত হৈছে গল্পকাৰ গৰাকীৰ বহুকেইটা গল্প  ৷ আনহাতে  বৰ্তমান অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত হোৱা  গ্ৰন্থমেলাসমূহৰ বিপণী সমূহতো উপলব্ধ হোৱা এই গল্প সংকলনখ গ্ৰন্থপ্ৰেমী সকলৰ মাজতো যথেষ্ট সমাদৃত হৈছে  ৷ শেহতীয়াকৈ যোৰহাটত অনুষ্ঠিত হোৱা ‘অসম গ্ৰন্থমেলা’ত অসমৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ বিপণীৰ যেন  শোভা বৃদ্ধি কৰিছে ‘প্ৰাক্তন’এ ৷

গ্ৰন্থখনৰ সন্দৰ্ভত   জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত তেওঁৰ ব্যক্তিগত প্ৰফাইলৰ পৰা এখন ফট’সহ মনৰ কিছু কথা ব্যক্ত  কৰি লেখিকাগৰাকীয়ে কয়  যে এটা  প্ৰশ্ন প্ৰায়ে তেওঁৰ  মনলৈ আহে যে কাহিনী কোৱাটো জৰুৰী নেকি ! কাহিনী মানেটো সৰু সৰু কিছুমান প্ৰশ্নৰ সমাহাৰ নহয়। তেওঁৰ বোধেৰে কাহিনীতো সকলোতেই আছে ৷ সেই কাহিনী তেৱেই  ক’ব লাগিব বুলিতো কোনো কথা নাই।তেওঁৰ মতে  সামৰি সুতুৰি বহুত কাহিনী প্ৰতিজন মানুহেই ৰাখে। অলপ নিজৰ বাহিৰত, অলপ নিজৰ ভিতৰত আৰু অলপ বাহিৰৰ আৰু ভিতৰৰ দুনিয়াখনৰ সোঁমাজত।

অৱশ্যে  ক’ভিডৰ সময়ছোৱাত তেওঁ যেন  গুৱাহাটীৰ পৰা নিজকে এক নিদিষ্ট দূৰত্বলৈ লৈ গৈ নিজক নতুনকৈ আৱিষ্কাৰ কৰিলে । গল্পকাৰৰ গ্লেমাৰ বুলি যি এক অহংকাৰে তেওঁৰ ভিতৰত অট্টালিকা গঢ়িবলৈ আৰম্ভ কৰিছিল,  সেয়াও যেন  তেওঁ নিজেই খহাই পেলালে। তেওঁৰ মতে  মৃত্যু ভয়েই বোধকৰো  জীৱনৰ অন্তিমতম ভয়। মৃত্যু ভয়ৰ মাজতো সৃষ্টিশীল হৈ থাকিবলৈ লেখক এজনকো এজন মানুহৰ দৰেই এক প্ৰকাৰৰ নিজা প্ৰতিৰোধ আৰু বিদ্ৰোহৰ প্ৰয়োজন ৷

লকডাউনে কেৱল লেখক সকলৰেই  নহয় প্ৰকাশন গোষ্ঠীসমূহলৈও বহুত পৰিৱৰ্ত্তন আনিলে। যি সময়ত তেওঁৰ ভাষাৰে  ই এম আইৰ ডেডলাইন আৰু জীৱনৰ মাজত কিতাপ এক ইলাহী কাৰবাৰ হিচাপে ধৰা দিলে। সেয়েহে সেইসকল প্ৰকাশকক লেখিকা গৰাকীয়ে এই প’ষ্টটোৰ যোগেদি চেলুট জনাইছে  যি সাহস কৰি এই ব্যৱসায় চলাই আছে। যিসকলে লেখকক লেখক হিচাপে পাঠকৰ ওচৰলৈ নি আছে। যিসকলে দিন ৰাতি একাকাৰ কৰি প্ৰিণ্টিং, বাইণ্ডিং কৰিছে আৰু  কিতাপক কিতাপৰ আকাৰ দিছে।

লেখিকা গৰাকীৰ মতে  কিছুমান গল্পৰ চৰিত্ৰই  সদায় এই কথা  শিকাইছে যে লেখক আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই। লেখক আচলতে মানুহৰে এক অংশ। অনুভৱ কৰাইছে যে লেখকো এজন মানুহহে । 

সেয়ে কেতিয়াবা  এগৰাকী গল্পকাৰ হিচাপে তেওঁ নিজকে সোধে যে  এজন গল্পকাৰে তেওঁৰ চৰিত্ৰবোৰক ন্যায় দিব পাৰেনে !তেওঁৰ বোধেৰে নিশ্চয় নোৱাৰে আৰু  সেই বাবেই গল্পক পাঠক লাগে। গল্পকাৰ গৰাকীৰ মতে পাঠকেই হ’ল কোনো এক কাহিনীৰ চৰম কাঠগৰা ।

শেষত প্ৰেছৰ পৰা পঠোৱা এখন ফটো  কথাখিনিৰ সৈতে আপলোড কৰি তেওঁ ধন্যবাদ জনালে গ্ৰন্থখনৰ প্ৰথম প্ৰকাশক গকুল কলিতা আৰু পাঞ্চজন্য সংস্কৰণৰ প্ৰকাশক ধীৰাজ লহকৰক । লগতে আক্ষেপ প্ৰকাশ কৰি ক’লে যে গল্পসংকলন খনৰ আগৰ সংস্কৰণটো বহুতৰ হাতত দিব নোৱাৰিলে তেওঁ । অৱশ্যে তেওঁ এইকথাও ব্যক্ত কৰিলে যে এইবাৰৰ সংস্কৰণটোত তেওঁৰ  কিছু নতুন গল্পৰো সংযোজন ঘটিছে  ৷  পা

পাঠকসকলে গ্ৰন্থখন পঢ়ি ভাল পাব বুলি যথেষ্ট আশাবাদী প্ৰকাশক তথা গল্পকাৰ জুৰি বৰুৱা ৷

Previous Post

‘কাৰাবন্দী’ চতুৰ্থ স্তম্ভ! বিশ্বত বাঢ়িছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা, শীর্ষত আছে চীন

Next Post

‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২’ ৰ মূল উদ্দেশ্য কি?

Related Posts

অসমীয়াৰ ঐতিহ্য জাপি
মুখ্য সংবাদ

অসমীয়াৰ ঐতিহ্য জাপি

April 27, 2023
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’
সংস্কৃতি

দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’

April 11, 2023
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’
সংস্কৃতি

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

April 6, 2023
মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?
সংস্কৃতি

মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?

April 1, 2023
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
সংস্কৃতি

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

March 24, 2023
Next Post
‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২’ ৰ মূল উদ্দেশ্য কি?

'ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২' ৰ মূল উদ্দেশ্য কি?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7