এজন শিক্ষক ৷ এইখন অসমৰে এজন এনে শিক্ষক যি নিজৰ সৃষ্টিশীলতাৰে আগুৱাই যোৱাৰ পথ দেখুৱাইছে ছাত্ৰ-ছাত্ৰী সকলক ৷ মাজে সময়ে সামাজিক মাধ্যম যোগে নিজৰ সৃষ্টিশীলতাৰ আভাস দি তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে আন বহুজনৰ ৷ বিশেষকৈ গ্ৰন্থসুবাস নামৰ জনপ্ৰিয় ফেচবুক গোটটোত তেওঁ প্ৰায়ে আপলোড কৰা প’ষ্ট বোৰ দেখি বহুজনেই মন্তব্য কৰিছে যে ৱাহিদুৰৰ দৰে শিক্ষকৰ অভাৱ এইখন অসমত ৷
হয় ,সঁচাকৈয়ে এনেকুৱা এজন শিক্ষক পোৱাটো সঁচাকৈয়ে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে হয়তো ভাগ্যৰ কথা ৷ এনে উদাহৰণ বিৰল যদিও অসমৰ ঠায়ে ঠায়ে দুই এজন এনে শিক্ষক নথকাও নহয় ৷
শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকৰ এই গোটটোত ৱাহিদুৰ হাজৰিকা নামৰ এই শিক্ষক গৰাকীয়ে আপলোড কৰা কেইখনমান ফট’ দেখি নিশ্চয় আচৰিত হ’ব আপুনিও ৷এই বিশেষ ফট’কেইখন আপলোড কৰি তেওঁ লিখিছে যে বিদ্যালয়ত পৰি থকা পুৰণি গোলক সমূহক এনেদৰে অংকন কৰি ছাত্ৰ-ছাত্ৰী সকলক অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ লগতে গোলাৰ্ধসমূহৰো এক বাস্তৱ ধাৰণা দিব পৰা যায় !
নিশ্চয়কৈ পুৰণি গোলক সমূহত এনেদৰে ৰং সানি পুনৰ সুন্দৰকৈ সজাই যদি এনে ৰূপত ছাত্ৰ-ছাত্ৰী সকলৰ ওচৰলৈ লৈ যোৱা হয় ছাত্ৰ-ছাত্ৰীসকল নিশ্চয়কৈ যথেষ্ট উপকৃত হ’ব ৷
এই সাধাৰণ যেন লগা এটি অসাধাৰণ কামৰ যোগেদি যেন ৱাহিদুৰ নামৰ এই শিক্ষক গৰাকীয়ে এই কথাকেই প্ৰতিপন্ন কৰিলে যে শিক্ষাৰ্থী সকলৰ বাবে সদায় এজন ভাল শিক্ষক পোহৰৰ উৎস ৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আকাশখনৰ তেওঁলোক একো একোটা সূৰ্য্য ৷