আজি ‘অসম কেশৰী’ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপজা দিন । ১৮৮৫ চনৰ আজিৰ দিনটোতে বৰপেটাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে কবিতা, গীতিকাৰ, গায়ক, সংবাদসেৱী, সমাজসেৱক তথা স্বাধীনতা সংগ্ৰামী । স্কুলীয়া শিক্ষা আধাতে এৰি তেওঁ ১৯০৪-০৫ চনত দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল । সেইসময়তে তেওঁ ব্ৰিটিছ বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰি ইংৰাজৰ ক্লাবঘৰ জ্বলাই দিছিল । তেওঁ একে ৰাতিতে বন্দিনী ভাৰত মাতা নামৰ এখন নাটক লিখি কলেজিয়েট স্কুলত সৰস্বতী পূজাৰ দিনা মঞ্চস্থ কৰিছিল । এই নাটখনে ৰাইজৰ মাজত মৃদু উত্তেজনাৰ সৃষ্টি কৰে । সেইসময়ত তেওঁ দীঘাই কলিতা ছদ্মনাম লৈছিল । ১৯০৭ চনৰ পৰা ১৯১৫ চনলৈ চৰকাৰে তেওঁক বৰপেটাত নজৰবন্দী কৰি ৰাখে । সেই সময়ছোৱাতে তেওঁ বীণা, তুমি, অনুভূতি আদি কবিতা সংকলনত সন্নিৱিষ্ট কবিতাসমূহ লিখে । তেওঁ চেতনা, আসাম বান্ধৱ আৰু ডেকা অসম আলোচনীৰ সম্পাদক আছিল । তেওঁ অসম জাতীয় মহাসভা আৰু অসম শিক্ষা প্ৰচাৰ সমিতি গঠন কৰি জাতীয় চেতনা গঢ়াৰ প্ৰয়াস কৰিছিল । তেওঁ স্বদেশী কিনক সংঘ খুলি মায়াবিনী কেমিকেল ৱৰ্কছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছিল । গ্ৰুপিঙৰ সময়ত অসম আত্মৰক্ষী বাহিনী গঠন কৰিছিল । ভাষা আন্দোলনৰ সময়ত চৰকাৰে অসমীয়া ভাষাক ৰাজ্যভাষা ৰূপে ঘোষণা কৰিবলৈ ইতস্ততঃ কৰাত তেওঁ সাহিত্যিক পেঞ্চন বৰ্জন কৰিছিল । ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৬৬ চনত তেওঁ বেদনাৰ উল্কা নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । অসম কেশৰীলৈ আমাৰ প্ৰণাম ।
আজি সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ স্মৃতি দিৱস । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত তেওঁ স্বৰ্ণ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি স্নাতকোত্তৰ ডিগ্ৰী লৈ জগন্নাথ বৰুৱা কলেজত অধ্যাপনা কৰে । তেওঁ দৈনিক জনমভূমি, নতুন দৈনিক, সমকাল, প্ৰাগ নিউজ আদিত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অসমৰ অৰ্থনৈতিক ইতিহাস, অসমৰ উৎসৱ আৰু পূজা আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । লোকায়ত দৰ্শন গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য বঁটা লাভ কৰে । ২০১৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । তেওঁলৈ আমাৰ প্ৰণাম ।