১৮ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প মাছখোৱাত বিয়লি তিনি বজাত গীতটো দৃশ্য-শব্য ৰূপত শুভ উন্মোচন কৰে অসমৰ স্বনামধন্য শিল্পী মনীষা হাজৰিকাই ৷আনহাতে উন্মোচনী অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ আন কএইবাগৰাকীও স্বনামধন্য ব্যক্তি নমিতা ভট্টাচাৰ্য্য ,সদানন্দ গগৈ আৰু ড০ হিতেশ বৰুৱা,অভিনেত্ৰী মৃদুলা বৰুৱা,ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা কবি প্ৰ্থসাৰথি মহন্তকে আদি কৰি আন বহুকেইগৰাকী গন্য মান্য ব্যক্তি ৷ বন্তি প্ৰজ্জলন কৰি উন্মোচনী অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য তপন কুমাৰ শৰ্মাই ৷
জি.ডি প্ৰডাকছনৰ প্ৰযোজনাৰে গীতটিৰ কথা মানস শইকীয়াৰ ৷ মহিলা সৱলীকৰণক মূল বিষয় বস্তু হিচাপে লৈ দৃশ্য-শ্ৰব্য ৰূপত মুক্তি লাভ কৰা গীতটোৰ সুৰকাৰ কণ্ঠশিল্পী গৰাকী নিজেই ৷ আনহাতে সংগীত ব্যৱস্থাপনা পৰাণ বৰকটকীৰ ৷ ‘জীৱনে’ৰ শব্দ সজ্জা আৰি মিক্সিং-মাষ্টাৰিং ভূপেশ শইকীয়াৰ ৷ গুৱাহাটীৰ জিৰ’ ডি.বি. ষ্টুডিঅ’ত উদীপ্ত গগৈয়ে বাণীবদ্ধ কৰা গীতৰ ভুডিঅ’ত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী জলী লচকৰ ,সংস্কৃতা মালাকাৰকে আদি কৰি আন কেইবাগৰাকীও প্ৰতিভাবান অভিনেতা-অভিনেত্ৰীয়ে ৷ আকৰ্ষণীয় অভিনয়ৰ সৈতে মনজুৰ পৰা সংগীত ভিডিঅ’টোৰ পৰিচালনা প্ৰাচুৰ্য্য তালুকদাৰৰ ৷
গীতটো সৰ্বাংগসুন্দৰ ভাৱে সজাই তোলাৰ ক্ষেত্ৰত দলটোৰ প্ৰতিজন সদস্যকেই কৃতজ্ঞতা জ্ঞাপন কৰে সংস্কৃতা মালাকাৰে ৷ আনহাতে ‘ধ্বনি ৰেকৰ্ডছ’ত মুক্তি লাভ কৰা গীতটো উপভোগ কৰি সকলোৰে অনুপ্ৰেৰণা তথা আশীৰ্বাদ কামনা কৰিছে অসমৰ এক শক্তিশালী যুৱ কণ্ঠ সংস্কৃতা মালাকৰে ৷