১৮ ডিচেম্বৰ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা ২০২২’প্ৰদান অনুষ্ঠান ৷ অসমৰ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰা বহুসংখ্যক প্ৰতিভাৱান কবিৰ মাজৰ পৰা এই বঁটা লাভ কৰিবলৈ সক্ষম হয় উত্তৰ-লক্ষীমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ কেশৱ চাউ ৷
‘স্পন্দন,শব্দৰ পৰা হৃদয়লৈ’ৰ ৪০বছৰৰ অনুৰ্ধৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ এই বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সমালোচক পৰী হিলৈদাৰী ,কবি-সাহিত্যিক মনজিত সিং ‘ বিশিষ্ট অনুবাদক তথা স্পন্দন পৰিয়ালৰ অবিচ্ছেদ্য অংগ স্বৰূপ বিপুল ডেউৰী আৰু গল্পকাৰ গীতালি বৰা ৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি সকলে অসমীয়া কাব্য সাহিত্যৰ উত্তৰণ ও চৰ্চা সন্দৰ্ভত আনহাতে লকষ্াশ্বৰ অজৰিকা বঁটা সন্দৰ্ভত মনৰ ভাৱ ব্যক্ত কৰে লক্ষেশ্বৰ হাজৰিকাৰ পত্নী কবি নিবেদিতা হাজৰিকাই ৷
বঁটা লাভ কৰি যথেষ্ট আনন্দিত হোৱা কেশৱ চাউৱে কয় যে এই বঁটাই নৱ প্ৰজন্মক যথেষ্ট অনুপ্ৰেৰণা যোগায় ৷লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণিস্পন্দন বঁটাত আছে পাটৰ চেলেংচাদৰ,,পাটৰ গামোচা ,কিতাপৰ টোপোলা ,প্ৰশস্তি পত্ৰ আৰু নগদ ১০,০০০টকা ৷
স্পন্দনৰ সভাপতি ময়ূৰী দত্তই আঁতধৰা অনুষ্ঠানটিত উপস্থিত থাকে স্পন্দন পৰিয়ালৰ উপসভাপতি,সম্পদককে আদিকৰি বিষয়ববীয়া সকলৰ লগতে শতাধিক কাব্যানুৰাগী তথা সাহিত্য প্ৰেমী ৷
উল্লেখযোগ্য যে সামাজিক মাধ্যমৰ বুকুত পোখা মেলা এটি অনু্ষ্ঠান ‘স্পন্দন,শব্দৰ পৰা হৃদয়লৈ’ যি বৰ্তমান কেৱল সামাজিক মাধ্যমৰ বুকুতে সীমিত হৈ থকা নাই ৷ ঠাল-ঠেঙুলি মেলি ফুলে-পাতে জাতিষ্কাৰ স্পন্দন এতিয়া সমগ্ৰ অসমৰেই যেন এক পৰিচিত নাম ৷ ‘স্পন্দন’ শিপাইছে এতিয়া অসমীয়া সাহিত্য প্ৰেমী ,কাব্য প্ৰেমী সকলৰ বুকুত ৷
প্ৰতি বছৰে অনুষ্ঠানটোৱে অনুষ্ঠিত কৰা বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত অন্যতম এই কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতা ৷ অনুষ্ঠানটিৰ যোগেদি অনুষ্ঠিত কৰা কবিতা নাইবা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত অংশ কৰি গৌৰৱান্বিত হয় বহু প্ৰতিভাবান যুৱ কবি ৷