শীতকাল মানে বৰদিন, পিকনিককে ধৰি উৎসৱৰ সময় ৷ শীতকালৰ বিভিন্ন শাক-পাচলিৰ লগতে উভৈনদী হৈ পৰে কমলা টেঙা ৷ সোৱাদ আৰু স্বাস্থ্যসন্মত হোৱাৰ বাবে সকলোৰে প্ৰিয় হৈছে কমলা টেঙা ৷ ৰ’দত বহি কমলা খোৱাৰ মজাই সুকীয়া। শীতকাল অহাৰ লগে লগে বজাৰ ভৰি পৰে কমলাৰে ৷ গাৰো পাহাৰ, ভুটান আদিকে ধৰি বিভিন্ন স্থানৰ পৰা সুস্বাদু কমলাৰে ৰাজ্যৰ বজাৰ ভৰি পৰে ৷ যাৰ বাবে বজাৰৰ পৰা ঘুৰি আহোতে কমলা কিনি অনাটো সকলোৰে নিয়মৰ দৰে হৈ পৰে ৷
কমলা অতি স্বাস্থ্যকৰ। কমলাই শৰীৰত পর্যাপ্ত পানী যোগান ধৰে। ইয়াৰ জৰিয়তে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি লাভ কৰে। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। কিন্তু স্বাস্থ্যকৰ হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি বেছিকৈ খাব পাৰে। কমলা বেছিকৈ খালেও সমস্যা হ’ব পাৰে। কমলা জোখতকৈ বেছিকৈ খালে কি কি সমস্যা হ’ব পাৰে আপুনি জানেনে ?
কমলাত স্বাস্থ্যকৰ উপাদানৰ অভাৱ নাই। এই ফলত ৮৭ গ্ৰাম পানী, ৪৭ গ্ৰাম কেলৰি, ০.৯ গ্ৰাম প্ৰটিন, ১১.৮ গ্ৰাম কাৰ্বহাইড্ৰেট, ৯.৪ গ্ৰাম চেনি, ২.৪ গ্ৰাম আঁহ আৰু প্ৰায় ৭৬ শতাংশ ভিটামিন চি থাকে। ইমানবোৰ উপযোগী উপাদান থাকিলেও পুষ্টিবিদসকলে প্ৰতিদিনে কমলা খাবলৈ বাধা দিয়ে ৷ তেওঁলোকৰ মতে এদিনতে বহু বেছি পৰিমাণৰ কমলা খালে কোষ্ঠকাঠিন্য হ’ব পাৰে। ডায়েৰিয়া, গেছ-হাৰ্টবাৰ্ণ আদি সমস্যাও হ’ব পাৰে। আঁহৰ উপৰিও কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। এই ভিটামিন অতিমাত্ৰা সেৱন কৰিলে বমি, অনিদ্ৰা আৰু হৃদৰোগ হ’ব পাৰে। যিসকল লোকৰ শৰীৰত পটাছিয়ামৰ পৰিমাণ বেছি থাকে তেওঁলোকক কমলা নাখাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত কমলা খালে ভাল। কমলা শৰীৰৰ বাবে যিমানেই স্বাস্থ্যকৰ নহওক কিয়, দিনটোত ১-২ টাতকৈ বেছি কমলা খোৱাটো বাঞ্ছনীয় নহয়।