শাসনৰ গাদীত বহাৰ পাছতে আফগানিস্তানত নতুন নতুন নিয়ম জাৰি কৰি আহিছে তালিবান চৰকাৰে ৷ বিশেষকৈ মহিলা সকলৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম দেশখনত বলবৎ কৰা হৈছে ৷ শেহতীয়াকৈ স্কুলৰ পাছত আফগানিস্তানত ছোৱালীৰ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ এই সন্দৰ্ভত তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ে এক নতুন নির্দেশনা জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমাজে তালিবান চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে। তালিবানৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আফগানিস্তানত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত জালমে খলিলজাদে কয়, “তালিবানে মহিলাৰ উচ্চ শিক্ষাৰ ওপৰত যিদৰে বাধা আৰোপ কৰিছিল, সেয়া সহ্য কৰিব নোৱাৰি।”
২০২১ চনত ক্ষমতালৈ অহাৰ পিছত তালিবানে মহিলা সন্দৰ্ভত বিভিন্ন প্ৰতিশ্ৰুতি দিছিল। কিন্তু সময়ৰ লগে লগে নিষেধাজ্ঞাৰ সংখ্যা বাঢ়ি আহিল। নাৰীৰ অধিকাৰ সন্দৰ্ভতো বহু প্ৰতিশ্ৰুতি দিছিল। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে তেওঁলোকৰ প্ৰতিশ্ৰুতি সম্পূর্ণৰূপে মিছা আছিল । প্ৰথমে মধ্যমিক শিক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ছোৱালীৰ স্কুললৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল । ইয়াৰ পিছত ক্ৰমান্বয়ে উচ্চ শিক্ষাও মহিলাৰ বাবে নিষিদ্ধ কৰা হ’ল।
কেৱল সেয়াই নহয়, মহিলাসকলক পাৰ্ক আৰু জিমলৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনকি ক’ৰবালৈ গ’লে ঘৰৰ পুৰুষৰ লগতহে যাবলৈ নিৰ্দেশ দিয়া হৈছে। অন্যথা শাস্তি দিয়া হ’ব বুলিও সতর্ক কৰি দিয়া হৈছে ৷এইবাৰ নিষেধাজ্ঞাৰ তালিকাত নতুনকৈ সংযোজন হৈছে বিশ্ববিদ্যালয়। তালিবানে বিশ্ববিদ্যালয়ত মহিলাৰ প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰিছে ৷
তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে এতিয়াৰে পৰা আফগানিস্তানৰ চৰকাৰী আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত মহিলা ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। লগতে তেওঁ কয় যে এই সিদ্ধান্ত কেবিনেটৰ অনুমোদন সাপেক্ষে লোৱা হৈছে।এসপ্তাহ পূৰ্বে বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ পাছত চৰকাৰৰ এনে সিদ্ধান্তই সেই দেশৰ ছাত্র-ছাত্রীৰ মাজত এক চৰম হতাশাৰ সৃষ্টি কৰিছে৷ এতিয়ালৈকে বিশ্ববিদ্যালয়ত ল’ৰা-ছোৱালীৰ বাবে সুকীয়াকৈ বহাৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰ সেই পথটোও ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধ কৰি দিয়া হৈছিল।
ননগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ তৃতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে আক্ষেপ কৰি কয়, ‘তালিবানৰ এই সিদ্ধান্তৰ বাবে মোৰ সকলো সপোন ছিন্নভিন্ন হৈ পৰিল। চকুৰ আগত সকলো নোহোৱা হৈ যোৱা দেখিছোঁ। ইমান দিনে যিখিনি অৰ্জন কৰি আহিছো, তাৰ অন্ত পৰিব।”ছোৱালী হৈ জন্ম লোৱাটো অপৰাধ নেকি?যদি অপৰাধ তেন্তে মই কিয় ল’ৰা হৈ জন্ম লোৱা নাছিলো? দেউতাৰ এটা ডাঙৰ সপোন আছিল যে মই ভৱিষ্যতে এজন ডাঙৰ সাংবাদিক হম। কিন্তু সকলো শেষ হৈ গ’ল।”