বৰ্তমান সময়ত এক জনপ্ৰিয় বাৰ্তাবাহক এপলিকেছন হোৱাটছেপ৷ কেৱল জনপ্ৰিয়ই নহয় ,এপটোৰ যোগেদি বহুক্ষেত্ৰত বহু কামেই এতিয়া সহজ হৈ পৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে প্ৰথম অৱস্থাত এই হোৱাটছএপ যোগে হয়তো ব্যৱহাৰকাৰীসকলে কিছুমান সীমিত বৈশিষ্ট্য আৰু সুবিধাহে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ আজি কিছুদিন ধৰি হোৱাটছএপত বহু নতুন নতুন বৈশিষ্ট্য সংযোগ হ’বলৈ ধৰিছে। আজি কিছুদিনৰ পূৰ্বে হোৱাটছএপে ব্যৱহাৰকাৰী সকলে নিজে প্ৰেৰণ কৰা বাৰ্তাসমূহ ডিলিট কৰাৰ সুবিধাও সংযোজন কৰিছিল ৷ আনহাতে এতিয়া কোম্পানীটোৱে ইয়াক কিছু সলনি কৰি ডিলিট কৰা বাৰ্তাসমূহ পুনৰ ঘূৰাই পোৱাৰ সুবিধাও যোগ কৰিছে।
হোৱাটছএপ ব্যৱহাৰকাৰী সকলে আনজনলৈ প্ৰেৰণ কৰা বাৰ্তা ডিলিট কৰাৰ সময়ত ভুলবশতঃ যদি নিজৰ বাবেও মেছেজটো ডিলিট হৈ যায় তেন্তে এই বৈশিষ্ট্যই বাৰ্তা প্ৰেৰক গৰাকীক মচি পেলোৱা বাৰ্তাসমূহ ঘূৰাই পোৱাৰ বাবে স্বাধীনতা প্ৰদান কৰিব।
আনলৈ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত নিজৰ বাবে মেছেজ ডিলিট কৰাৰ লগে লগেই স্মাৰ্টফোনৰ স্ক্ৰীণত আন-ডু(Undo )বুটাম থকা এটা ভাসমান স্নেকবাৰ নোটিফিকেচন দেখা পোৱা যাব। অৱশ্যে এই অধিসূচনা এক সীমিত সময়সীমা অৰ্থাৎ মাত্ৰ ৫ ছেকেণ্ডৰ বাবেহে উপলব্ধ হ’ব । বাৰ্তাটো পুনৰুদ্ধাৰ কৰিবলৈ বাৰ্তা প্ৰেৰক গৰাকীয়ে বিকল্প নিৰ্ব্বাচন কৰিব লাগিব আৰু তাৰ পিছত সকলোৰে বাবে ইয়াক মচি পেলাব পাৰিব ।
অৱশ্যে বৰ্তমানলৈকে হোৱাটছএপে ব্যৱহাৰকাৰীসকলক বাৰ্তা বাকচত আন-ডু ( undo) কৰিব পৰা এই সুবিধা প্ৰদান কৰা নাই।কিন্তু এপটোৱে অতি সোনকালেই এণ্ড্ৰয়ড, আই অ’ এছ আৰু ডেস্কটপ ব্যৱহাৰকাৰী সকলৰ বাবে এই বৈশিষ্ট্য প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। হোৱাটছএপৰ এই বৈশিষ্ট্য এই মাহত কৰা তৃতীয়টো বৃহৎ পৰিৱৰ্তন। ইয়াৰ পূৰ্বে হোৱাটছএপে নতুনকৈ অৱতাৰ ফিচাৰো সংযোজন কৰিছিল।