কৰ্ণাটকৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ ঘৰৰ পৰা বন্যপ্ৰাণী উদ্ধাৰ কৰিছে ৰাজ্যখনৰ বন বিভাগে। বুধবাৰে কৰ্ণাটক বন বিভাগৰ এগৰাকী বিষয়াই কয় যে উদ্ধাৰ হোৱা বন্যপ্ৰাণী সমূহ পিঞ্জৰাবদ্ধ কৰি ৰাজনীতিবিদ জনৰ বাগিচাত পোহনীয়া জন্তু হিচাপে ৰখা হৈছিল ৷
কৰ্ণাটকৰ দাভানাগৰৰ অভিযুক্ত ৰাজনীতিবিদজনৰ বাগিচাৰ ঘৰৰ পৰা এঘাৰটা কৃষ্ণষাড়, ৮টা হৰিণ, ৭টা বনৰীয়া গাহৰি, ৩টা কের্কেটুৱা আৰু ২টা শিয়াল উদ্ধাৰ কৰা হৈছে।
সংবাদ সংস্থা পিটিআইৰ আগত বিষয়াগৰাকীয়ে কয় যে ৪জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰ বাহিৰেও এই গোচৰৰ তদন্তৰ বাবে তেওঁলোকে আদালতৰ পৰা অনুমতি গ্ৰহণ কৰিছে ৷ ৰাজনীতিবিদজনক কোনে সহায় কৰিছিল সেই কথা জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়।