VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শুকুৰবাৰে আইপিএলৰ নিলাম, কোন দলৰ হাতত আছে কিমান টকা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in ক্ৰীড়া
শুকুৰবাৰে আইপিএলৰ নিলাম, কোন দলৰ হাতত আছে কিমান টকা ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম ৷ বহু প্ৰতিক্ষীত এই নিলামত  ৪০৫ গৰাকী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব । এইবাৰ নিলামত বেন ষ্ট’কছ, কেমেৰন গ্ৰীণৰ দৰে ক্ৰিকেটাৰৰ মূল্য সর্বাধিক হ’ব বুলি আশা কৰা হৈছে ৷

অহা বছৰৰ পৰা আৰম্ভ হ’ব আই পি এল। ১ এপ্ৰিলৰ পৰা হ’ব পাৰে আই পি এল। প্ৰায়  তিনি মাহ আগতে এই নিলাম অনুষ্ঠিত হ’ব । শুকুৰবাৰে দুপৰীয়া ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই নিলাম। এই নিলাম ষ্টাৰ স্প’ৰ্টছত প্ৰদৰ্শিত হ’ব। জিঅ’ চিনেমা এপৰ জৰিয়তে মোবাইলতো চাব পাৰিব। শ্ৰেষ্ঠ ক্ৰিকেটাৰ ক্ৰয় কৰিবলৈ আই পি এলৰ ১০টা দলে প্ৰতিদ্বন্দিতা কৰিব । কোচিৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হ’ব এই নিলাম।

এই নিলামত আই পি এলে প্ৰকাশ কৰিছে ৪০৫ গৰাকী ক্ৰিকেটাৰৰ বিশাল তালিকা। এই ৪০৫ জনৰ ভিতৰত ৮৭ জনক বিক্ৰী কৰিব পাৰিব। আই পি এলৰ নাম উল্লেখ কৰা ৪০৫ জনৰ ভিতৰত ২৭৩ জন ভাৰতীয় আৰু ১৩২ জন বিদেশী ক্ৰিকেটাৰ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট  মেচ খেলা ক্ৰিকেটাৰৰ সংখ্যা ১১৯ জন। নিলামত ২৮২ গৰাকী ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই।

সৰ্বাধিক ধনেৰে নিলাম অংশ ল’ব  ছানৰাইজাৰ্ছ হায়দৰাবাদ। তেওঁলোকৰ হাতত আছে ৪২ কোটি ২৫ লাখ টকা। ১৩জন ক্ৰিকেটাৰ দলটোৱে  কিনিব পাৰিব। প্ৰতিটো নিলামত পঞ্জাব কিংছে প্ৰায় সমগ্ৰ দলটো সলনি কৰে। এইবাৰো সলনি কৰাৰ সম্ভাৱনা আছে ৷ অভিনেত্ৰী প্ৰীতি জিন্তাৰ দলৰ পকেটত আছে ৩২ কোটি ২০ লাখ টকা। ৯ জন ক্ৰিকেটাৰ তেওঁলোকে  কিনিব পাৰিব। যোৱা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পকেট সম্পূৰ্ণৰূপে খালী হৈ পৰিছিল। কিন্তু এইবাৰ নিলামৰ পূৰ্বে জেছন হোল্ডাৰৰ দৰে ক্ৰিকেটাৰক তেওঁলোকে মুকলি কৰি দিছে। এতিয়া তেওঁলোকৰ হাতত আছে ২৩ কোটি ৩৫ লাখ টকা। এই টকাৰে ১০ জন ক্ৰিকেটাৰ কিনিব পাৰিব।

২০ কোটি ৫৫ লাখ টকা মুম্বাইৰ পকেটত। এই টকাৰে ৯ জন ক্ৰিকেটাৰ কিনিব পাৰিব। মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে এই নিলামত দলটোক সংগঠিত কৰিব বিচাৰিব। তেওঁলোকৰ হাতত আছে ২০ কোটি ৪৫ লাখ টকা। ৭ জন ক্ৰিকেটাৰ কিনিব পাৰিব দলটোৱে । ১৯ কোটি ৪৫ লাখ টকাৰে নামিব দিল্লী কেপিটেলছ। ৫ জন ক্ৰিকেটাৰ কিনিব পাৰিব। যোৱাবাৰৰ চেম্পিয়ন গুজৰাটে এইবাৰো দলৰ উন্নতি সাধন কৰিব বিচাৰিছে। তেওঁলোকৰ হাতত আছে ১৯ কোটি ২৫ লাখ টকা। ৭ জন ক্ৰিকেটাৰ তেওঁলোকে  কিনিব পাৰিব। ৰাজস্থানে দলৰ ব্যৱধান পূৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ হাতত আছে ১৩ কোটি ২০ লাখ টকা। ৰাজস্থানে ক্ৰয় কৰিব পাৰিব ৯ জন ক্ৰিকেটাৰ।

নিলামৰ পূৰ্বে বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হাতত আছে ৮.৭৫ কোটি টকা। ৭ জন ক্ৰিকেটাৰ তেওঁলোকে কিনিব পাৰিব। নিলামৰ পূৰ্বে সৰ্বনিম্ন ধন  আছে কলকাতাৰ। মাত্ৰ ৭ কোটি ৫ লাখ টকাৰে নিলামত অংশ ল’ব কলকাতাই। কিন্তু তেওঁলোকে এতিয়াও ১১জন ক্ৰিকেটাৰ কিনিব পাৰিব।

Previous Post

১১টা কৃষ্ণ হৰিণকে ধৰি বহু জীৱ-জন্তু উদ্ধাৰ ৰাজনীতিবিদৰ বাসগৃহত , ক’ত চলালে আৰক্ষীয়ে অভিযান !

Next Post

জ্বৰ-চর্দিত ভূগিছে নেকি ! হ’ব পাৰে ক’ভিডৰ লক্ষণ, নতুন ভেৰিয়েণ্ট অমিক্ৰণ বিএফ.৭ৰ সংক্ৰমণত কি কি লক্ষণে দেখা দিয়ে জানেনে ?

Related Posts

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল
ক্ৰীড়া

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল

January 18, 2023
নতুন বিতৰ্ক  হকী বিশ্বকাপত!  ১১ জনৰ সলনি ১২ জন  খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!
ক্ৰীড়া

নতুন বিতৰ্ক হকী বিশ্বকাপত! ১১ জনৰ সলনি ১২ জন খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!

January 18, 2023
ছৌদি ক্লাৱ আল নাছেৰৰ সৈতে ৭ বছৰৰ বাবে চুক্তিৱদ্ধ ক্রিষ্টিয়ানো ৰোনাল্ডো, প্ৰতিমাহে লাভ কৰিব ১৪৮ কোটি টকা পাৰিশ্ৰমিক, বিলাসী আৱসগৃহৰ চৌহদত থাকিব শ্বপিং ম’ল
ক্ৰীড়া

প্ৰতি ছেকেণ্ডত উপার্জন কৰিব ১,৬৪,০০০ টকা! মেছি-ৰোণাল্ডো ক’ত হ’ব মুখামুখি ?

January 17, 2023
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে
ক্ৰীড়া

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

January 13, 2023
ফিফাৰ  বর্ষশ্ৰেষ্ঠ  ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে
ক্ৰীড়া

ফিফাৰ বর্ষশ্ৰেষ্ঠ ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে

January 13, 2023
হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে
ক্ৰীড়া

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

January 12, 2023
Next Post
জ্বৰ-চর্দিত ভূগিছে নেকি ! হ’ব পাৰে ক’ভিডৰ লক্ষণ, নতুন ভেৰিয়েণ্ট অমিক্ৰণ বিএফ.৭ৰ সংক্ৰমণত কি কি লক্ষণে দেখা দিয়ে জানেনে ?

জ্বৰ-চর্দিত ভূগিছে নেকি ! হ’ব পাৰে ক’ভিডৰ লক্ষণ, নতুন ভেৰিয়েণ্ট অমিক্ৰণ বিএফ.৭ৰ সংক্ৰমণত কি কি লক্ষণে দেখা দিয়ে জানেনে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7