যৌৱন ঘুৰাই পোৱা সম্ভৱনে ? যৌৱনক চিৰদিন অটুত ৰাখিব বা স্বাভাৱিক ভাৱে অহা বৃদ্ধা অৱস্থাক বাধা দি ৰাখিবলৈ সম্ভৱ নহয় যদিও আমি কিছুমান কৌশলৰ দ্বাৰা যৌৱন ধৰি ৰাখিব পাৰো। দীৰ্ঘ জীৱন সকলো সময়তে সুখপ্ৰদ নহ’ব পাৰে যদিহে আমি শাৰীৰিক ভাৱে সুস্থ থাকিব নোৱাৰো বা এলজেইমাৰৰ চিকাৰ হৈ নিজৰ পৰিচয় পাহৰি পেলাও। এটা দীৰ্ঘ জীৱনৰ লগতে প্ৰতিটো পল-অনুপল সুন্দৰ ভাৱে উপভোগ কৰিব পাৰো বা বয়স বৃদ্ধি হোৱা স্বত্বেও নিৰোগী আৰু সক্ৰিয় হৈ থাকিব পাৰো তাৰ উপায় আমাৰ হাতত নিশ্চয় আছে।
বয়স বৃদ্ধি এটা স্বাভাৱিক প্ৰক্ৰিয়া। দুকুৰি বা ৪০ ৰ দেওনা পাৰ হোৱাৰ লগে লগে দেহৰ ক্ষয়-ক্ষতি আদিয়ে দেখা দিব ধৰে। অকল শাৰীৰিক ভাৱেই নহয় মানসিক ভাৱেও পৰিৱৰ্তনে দেখা দিয়ে। শাৰীৰিক পৰিশ্ৰম বিমুখ , অসহনশীল , মানসিক অৱসাদ , অসুস্থ প্ৰতিযোগিতাৰ মানসিকতা তাৰোপৰি অসুষম বা অপ্ৰয়োজনীয় খাদ্য গ্ৰহণ আদিৰ ফলত স্বাভাৱিক বয়সতকৈও শৰীৰ অধিক বয়সীয়াল হৈ পৰে। এইবোৰক প্ৰতিহত কৰিবলৈ কিছুমান কৌশল য’ত লুকাই থাকে হেৰুৱা যৌৱন ঘুৰাই পোৱাৰ সম্ভাৱনা।
৫০ বছৰীয়া এজন দেখিবলৈ ৩০ বছৰীয়া চফল ডেকা যেন হ’বলৈ সকলোৱে হাবিয়াস কৰে কিন্তু তাৰ বাবে লাগিব কিছু অনুশীলন। এই যে মানুহৰ জন্ম তাৰিখটোৱে দিয়া বা মেট্ৰিকৰ চাৰ্টিফিকেট খনে দিয়া বয়সটো কেৱল আংকিক বয়স বা হিচাপ কৰি উলিওৱা বয়স হে। শাৰীৰিক সক্ষমতা বা সুস্থ শৰীৰ এটাই হে নিৰূপন কৰে বয়স অৰ্থাৎ গুৰুত্বপূৰ্ণ কথাটো হ’ল সুস্থ শৰীৰৰটোৱে বা শাৰীৰিক সক্ষমতাই যৌৱন অটুত ৰাখিব পাৰে বা বয়স নিৰূপন কৰিব পাৰে। আমেৰিকাৰ বৈজ্ঞানিকে অধ্যয়ন কৰি উলিয়াইছে যে , যি সকল ব্যক্তিয়ে সপ্তাহত কমেও ১৫০ মিনিটকৈ খোজ কাঢ়ে , তেওঁলোকৰ জীৱনৰ গড় আয়ুস ৩.৪ বছৰ বৃদ্ধিৰ সম্ভাৱনা নিশ্চিত। গতিকে আমি যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ আৰু নিয়মিত ভাৱে খোজ কাঢ়ো তেতিয়া হ’লে নিশ্চয় আমি সুস্থ শৰীৰ এটাৰ অধিকাৰী হৈ যৌৱন ধৰি ৰাখিবলৈ সক্ষম হম।