শৰীৰৰ বেছিভাগ সমস্যাই খাদ্যাভ্যাসৰ বাবে উদ্ভৱ হয়। বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, তেল-মচলাযুক্ত খাদ্য খাবলৈ ভাল পোৱা অভ্যাসে শৰীৰত সমস্যাৰ সৃষ্টি কৰে। চিকিৎসকে কয় যে স্বাস্থ্য কেৱল আপুনি কি খায় তাৰ ওপৰত নিৰ্ভৰ নকৰে। কোন সময়ত আপুনি খাদ্য গ্ৰহণ কৰে সেয়াও অতি গুৰুত্বপূৰ্ণ। পুৱা, দুপৰীয়া আৰু নিশা – নিৰ্দিষ্ট সময়ত খাদ্য নাখালেও শৰীৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পুষ্টিবিদসকলে কয় যে নিশা সময়মতে খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু অফিচৰ পৰা আহি বহু লোকে ৰাতিৰ আহাৰ নিশা বহু পলমকৈ গ্ৰহণ কৰে ৷ দিন-ৰাতি খোৱাৰ অভ্যাসৰ বাবেও বিভিন্ন ৰোগে শৰীৰত বাহ লয় ৷ চিকিৎসক আৰু পুষ্টিবিদসকলেও এই কথাত একমত যে নিশা ৮ বজাৰ আগতে খাদ্য খোৱাটোৱেই উত্তম। এই প্ৰথাৰ কিছুমান স্বাস্থ্যসন্মত দিশ আছে।
ওজন কমি যোৱা
ৰাতি বেছিকৈ খালে খাদ্য হজম হোৱাত সমস্যাৰ সৃষ্টি হয়। বদহজমৰ ফলত পেট ফুলা আৰু অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। ৮ বজাৰ আগতে খাদ্য গ্ৰহণ কৰিলে শৰীৰে কেলৰি হ্ৰাস কৰিবলৈ অধিক সময় পায়। ফলত হজম শক্তি ভাল হয়। আৰু হজম ক্ষমতা বৃদ্ধি হ’লেহে ওজন নিয়ন্ত্ৰণত থাকিব।
উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস কৰে
ডায়েবেটিছ, থাইৰয়ড, পিচিঅ’ডি আৰু হৃদৰোগত আক্ৰান্ত ৰোগীয়ে ৰাতি লঘু আহাৰ খোৱাৰ লগতে আগতীয়াকৈ আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। ৰাতি ছডিয়াম সমৃদ্ধ খাদ্য খোৱাৰ পৰা বিৰত থাকক। দালি, পাপৰ, শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাংসলৈকে সকলো ৰন্ধনত নিমখ ব্যৱহাৰ কৰা হয়। অতিৰিক্ত নিমখ খালে শৰীৰত পানী জমা হৈ থাকে। ফলত পেট ফুলিলে শৰীৰত অস্বস্তিৰ সৃষ্টি হয়। লগতে উচ্চ ৰক্তচাপৰ সম্ভাৱনাও বৃদ্ধি কৰে। হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে।
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায়
গভীৰ নিশা খাদ্য খালে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে পেট ফুলা, কোষ্ঠকাঠিন্য, শৰীৰৰ চৰ্বি আদি বহু সমস্যাই আক্ৰমণ কৰে। গতিকে শৰীৰ ভালে ৰাখিবলৈ নিশা দেৰিকৈ খোৱাটো একেবাৰে বেয়া ৷