চিনেমাৰ দৰে সুৰংগেৰে বেংকৰ পৰা ধন লুট কৰি নিয়া এক ঘটনাই হতভম্ব কৰি তুলিছে আৰক্ষীক ৷বিদেশত নহয়, দেশতে সংঘটিত হৈছে এই ঘটনা ৷ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, ডকাইতে বেংকৰ পিছফালৰ পৰা ভল্টৰ কাষেৰে ১০ ফুট দৈৰ্ঘ্যৰ এটা সুৰংগ খান্দিছিল। সুৰংগটোৰ বহল হৈছে ৪ ফুট ৷বেংকটোৰ পিছফালে থকা এডোখৰ খালী ঠাইৰ পৰাই সুৰংগটো খন্দা হৈছিল ৷ সুৰংগটো এনেদৰে খন্দা হৈছিল যে সাধাৰণ মানুহৰ চকুত নপৰে।
বেংক কৰ্তৃপক্ষই জনোৱা মতে, ডকাইতে প্ৰথমে এলাৰ্ম চিষ্টেম নিষ্ক্ৰিয় কৰিছিল। ষ্ট্ৰংৰুমত চিচিটিভি কেমেৰাটো চুইচ অফ কৰি দিয়ে। ইয়াৰ পিছত চোৰে ভল্টটো কাটি প্ৰায় ২ কিলোগ্ৰাম সোণ লৈ যায় ৷ লুণ্ঠন কৰা সোণৰ বৰ্তমান বজাৰ মূল্য এক কোটি টকাতকৈও অধিক। কিন্তু চোৰে টকাৰ ভল্ট ভাঙিব নোৱাৰিলে। সেই ভল্টত আছিল ৩২ লাখ টকা। এই ডকাইতি সন্দৰ্ভত এজন তদন্তকাৰী বিষয়া বিজয় ধূলে কয়, ‘আমি সন্দেহ কৰোঁ যে বেংকৰ ভিতৰৰ কোনোবা এই ঘটনাত জড়িত। কেইবাটাও ক্লু পাইছো। ষ্ট্ৰংৰুমৰ পৰাও আঙুলিৰ ছাপ সংগ্ৰহ কৰা হৈছে ৷ অতি সোনকালে অপৰাধীক ধৰিব পাৰিম।”
আৰক্ষীয়ে অশংকা কৰিছে যে বেংকটোৰ বিষয়ে ভালদৰে জনা কোনোবা এজনৰ সংস্পৰ্শত থাকিব পাৰে ডকাইত। এই কামত তেওঁ হয়তো ডকাইতক সহায় কৰিছিল। বেংকৰ মেনেজাৰ নীৰজ ৰায়ে জনোৱা মতে, চুৰি হোৱা সোণখিনি ২৯ জন গ্ৰাহকৰ। সোণ বন্ধকত ৰাখি বেংকৰ পৰা ঋণ লৈছিল।