বিদ্যুৎ জামৱাল বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা ৷ কিন্তু অভিনয়তকয়ো তেওঁ চর্চা লাভ কৰে নিজৰ আকর্ষণীয় শৰীৰৰ বাবে ৷ পেশীবহুল, ফিট, ক্ষীণ, স্বাস্থ্য সচেতন অভিনেতাসকলৰ অন্যতম হৈছে জামৱাল ৷ দৰ্শকে তেওঁক একচন হিৰো হিচাপে চিনি পায়। চিনেমাৰ পৰ্দাত অভিনেতাজনৰ একচন দৃশ্যবোৰ দর্শকক সন্মোহিত কৰি আহিছে ৷প্ৰতিখন ছবিতে তেওঁ ষ্টাণ্ট দৃশ্যত অভিনয় কৰি অনুৰাগীক আচৰিত কৰি তোলে। ৪২ বছৰীয়া অভিনেতাজন এজন প্ৰকৃত ‘ফিটনেছ ফ্ৰিক’। তেওঁৰ শৰীৰ চর্চা আৰু খাদ্যতালিকা সঘনাই প্ৰকাশ কৰি আহিছে ছছিয়েল মিডিয়াৰ জৰিয়তে ৷ বহু অনুৰাগীৰ বাবেও তেওঁ এক প্ৰেৰণা। সঠিকভাৱে অনুশীলন নকৰিলে এনে ৰূপ গঢ়ি তোলা সম্ভৱ নহয়। বহুতে তেওঁৰ দৈনন্দিন ফিটনেছ আৰু খাদ্যভাস জানিব বিচাৰে। শেহতীয়াকৈ তেওঁ এক সাক্ষাৎকাৰত সেই কথা প্ৰকাশ কৰে।
১৪ বছৰ বয়সৰ পৰাই বিদ্যুত নিৰামিষভোজী। তেওঁৰ মতে শৰীৰৰ যত্ন ল’বলৈ নিৰামিষ খাদ্য খোৱাতকৈ উত্তম বিকল্প নাই। কঠোৰ ব্যায়ামৰ লগতে অভিনেতাগৰাকীয়ে স্বাস্থ্যসন্মত আৰু সময়মতে খাদ্য খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ ৰাতিপুৱাৰ আৰম্ভণি হয় গাখীৰ, কল, শুকান ফল আৰু অটছ জাতীয় খাদ্যৰে। ব্যায়ামৰ কামত ব্যস্ত হোৱাৰ আগতে প্ৰটিন শ্বেক আৰু টোফু খাওক। জিমৰ পৰা উভতি আহি দুটা ইডলি আৰু ঘৰতে বনোৱা চাটনি গ্ৰহণ কৰে ৷ অভিনেতাগৰাকীৰ দুপৰীয়াৰ আহাৰত ৰুটি, দাইল আৰু বিভিন্ন শাক-পাচলিৰে তৈয়াৰী তৰকাৰী গ্ৰহণ কৰে। বিদ্যুতে দক্ষিণ ভাৰতীয় খাদ্য খাই ভাল পায়। গতিকে সন্ধিয়াৰ জলপানত উপমা গ্ৰহণ কৰে। ৰাতিৰ আহাৰ খাবলৈ দেৰি হ’লে কেতিয়াবা প্ৰ’টিন শ্বেক এগিলাচ গ্ৰহণ কৰে ৷নিশা তেওঁ অতি লঘু খাদ্য গ্ৰহণ কৰে ৷ এখন ৰুটি আৰু লগত শাক-পাচলি গ্ৰহণ কৰে অভিনেতা জনে । শ্বুটিঙৰ সময়তো এই নিয়ম তেওঁ মানি চলে ৷