ভাৰতীয় জিমনাষ্টিকছৰ ক্ষেত্ৰখনলৈ আটাইতকৈ বেয়া খবৰ! ড’পিং নিয়ম উলংঘা কৰাৰ অপৰাধত দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হৈছেদীপা কৰ্মকাৰ। ৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰা ত্ৰিপুৰাৰ জিমনাষ্টগৰাকীয়েও ড’পিঙৰ নিয়ম কেনেকৈ ভংগ কৰিলে সেই কথা সঠিকভাৱে বুজি পোৱা নাই বুলি প্ৰকাশ কৰিছে ।
তেওঁৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে এটা ৱেবছাইটত কয় “ দীপা ৰাষ্ট্ৰীয় শিবিৰৰ অংশ নহয় বাবে আগৰতলাত অনুশীলন কৰি আছে। আমাৰ দৰে তেওঁ নিজেও এই সিদ্ধান্তত অতিশয় আচৰিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে কিয় এই সিদ্ধান্ত লৈছিল সেই কথা আমি বুজিবলৈ চেষ্টা কৰিছো। কিন্তু ভাৰতীয় জিমনাষ্টিক সন্থাই এই বিষয়ে আমাক এতিয়াও অৱগত কৰা নাই। আমি কিবা এটা জানিলেহে এই বিষয়ে স্পষ্ট মতামত দিব পাৰিম।” একাধিক সূত্ৰই জনাইছে যে বিশ্ব এণ্টি ড’পিং এজেন্সীৰ ড’পিং নিয়ম উলংঘা কৰাৰ বাবে দীপাক যোৱা বছৰৰ দ্বিতীয়াৰ্ধৰ পৰা নিষিদ্ধ কৰা হৈছে। নিয়ম অনুসৰি পঞ্জীয়নভুক্ত খেলুৱৈয়ে নিজৰ স্থানৰ বিষয়ে অৱগত কৰিব লাগিব। কিন্তু ১২ মাহত তিনিবাৰকৈ নিয়ম ভংগ কৰিলে সংশ্লিষ্ট খেলুৱৈজনৰ বাবে এবছৰৰ পৰা দুবছৰৰ বাবে (প্ৰথমবাৰৰ বাবে) নিষেধাজ্ঞা আৰোপ কৰা হয় ৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতৰ এইগৰাকী শ্ৰেষ্ঠ জিমনাষ্টে ক’ভিড মহামাৰীৰ বাবে কেইবাখনো প্ৰতিযোগিতা বাতিল হোৱাৰ পাছত টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ পিছতো তেওঁ আশা এৰি দিয়া নাছিল ৷ প্ৰথমে দীপাই পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাইছিল। তাৰ আগতে এছিয়ান গেমছ, কমনৱেলথৰ বাবেও প্ৰস্তুতি চলাইছিল ৷
এক সূত্ৰৰ মতে, নেশ্যনেল জিমনাষ্টিক এছ’চিয়েশ্যনে এণ্টি ড’পিং সংস্থাটোৰ এ হেন বিচাৰৰ বিৰুদ্ধে চিএএছ লৈ যাব পাৰে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে এই সন্দৰ্ভত সবিশেষ এতিয়াও প্ৰকাশ কৰা নাই। ২০২১ চনৰ মাজভাগৰ এটা সময়ৰ পৰা দুবছৰৰ বাবে দীপা কর্মকাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলিহে কোৱা হৈছে। শুনা গৈছে যে এণ্টি ড’পিং সংস্থাটোৰ নিৰ্দেশ অনুসৰি ড’প টেষ্ট নকৰাৰ বাবে তেওঁ জৰিমনা ভৰিব লগা হৈছিল। বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো তেওঁ কোনো সঁহাৰি দিয়া নাছিল । অভিযোগ অনুসৰি তেওঁৰ প্ৰশিক্ষকও কোনো সহাৰি প্ৰদান কৰা নাছিল ৷
এক সূত্ৰৰ মতে, ২০১৯ চনত বাৰে বাৰে আঘাত পোৱাৰ বাবে ৱৰ্ল্ড জিমনাষ্টিকছ শেষ হোৱাৰ পিছত নিয়মিতভাৱে বিভিন্ন ঔষধ সেৱন কৰিছিল দীপাই। সেইবাবেই এণ্টি ড’পিং সংস্থাটোৰ সন্দেহৰ সৃষ্টি হৈছে। দীপাৰ প্ৰশিক্ষক আৰু ত্ৰিপুৰা চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱহেলাৰ বাবে এয়া সংঘটিত হোৱা বুলি প্ৰকাশ কৰা হৈছে ৷ ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ আৰু নেশ্যনেল এণ্টি ড’পিং এজেন্সীৰ বিষয়াসকলে অভিযোগ উত্থাপন কৰিছে যে প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীৰ বাবেই দীপা বিতাড়নৰ সন্মুখীন হ’বলগীয়া হৈছে।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ধুমুহাৰ সৃষ্টি কৰিছিল দীপাই। কোনো পদক নোপোৱাৰ পিছতো তেওঁ ভাৰতীয় ক্ৰীড়া জগতত এক নতুন অধ্যায় ৰচনা কৰিলে। কিন্তু এই বছৰৰ মাৰ্চ মাহৰ পৰা হঠাতে দীপাই আত্মগোপন কৰে ৷