লিয়নেল মেছিয়ে বিশ্বকাপ জয় কৰাৰ পাছত তেওঁৰ স্বাক্ষৰিত আৰ্জেণ্টিনাৰ জাৰ্চি বিশ্বৰ কেইবা গৰাকী তাৰকালৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে ৷ এই উপহাৰ লাভ কৰা সকলৰ ভিতৰত আছে ভাৰতৰ কেইবা গৰাকীও তাৰকা ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিঙৰ পৰা ধোনীৰ পৰিয়াললৈ মেছিয়ে প্ৰেৰণ কৰিছে উপহাৰ ৷ আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে ধোনিৰ কন্যা জিভাৰ বাবে নিজৰ স্বাক্ষৰ সম্বলিত জাৰ্চি প্ৰেৰণ কৰে।
জিভাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই জাৰ্চিৰ এখন ছবি শ্বেয়াৰ কৰে। ধোনিৰ ফুটবলৰ প্ৰতি থকা প্ৰেমৰ কথা সকলোৱে জানে। ক্ৰিকেট আৰম্ভ কৰাৰ আগতে তেওঁ ফুটবল খেলিছিল। সপোন আছিল ফুটবলাৰ হোৱাৰ। ক্ৰিকেট আৰম্ভ কৰাৰ পিছতো ফুটবলৰ প্ৰতি তেওঁৰ প্ৰেম নাইকিয়া হোৱা নাছিল ৷ সুযোগ পালেই ফুটবল খেলপথাৰত নামিছিল ধোনি । ভাৰতীয় দলত তেওঁ অনুশীলনত নিয়মিতভাৱে ফুটবল খেলিছিল। জিভাই দেউতাকৰ দৰে ফুটবল ভাল পোৱা কথাটো তেওঁৰ আৰ্জেণ্টিনাৰ জাৰ্চিৰ ছবিখনৰ পৰাই স্পষ্ট হৈ পৰিছে।
ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে লাভ কৰে মেছিৰ স্বাক্ষৰিত জাৰ্চি। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰজ্ঞান ওজাই তেওঁৰ বাবে কাটাৰ বিশ্বকাপৰ পৰা এই উপহাৰ লৈ আহিছিল। আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে ভাৰতীয় ফুটবল প্ৰেমীৰ এটা অংশৰ আৰ্জেণ্টিনাৰ ফুটবলৰ প্ৰতি থকা আবেগৰ বিষয়ে জানে।