দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজ দখল অষ্ট্ৰেলিয়াৰ ৷ বৃহস্পতিবাৰে টেষ্টৰ চতুৰ্থ দিনটোত কেইঘণ্টামানৰ ভিতৰতে প্ৰটিয়াছৰ ইনিংছ সমাপ্ত হয়। দক্ষিণ আফ্ৰিকা ২০৪ ৰানত অল আউট হয় । অষ্ট্ৰেলিয়াৰ হাতত এটা ইনিংছ আৰু ১৮২ ৰানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা। একেৰাহে দুখন টেষ্টত জয়লাভ কৰাৰ পাছত এই শৃংখলাটো অষ্ট্ৰেলিয়াৰ দখললৈ আহে। এই টেষ্টত দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত আৰু অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷
আজি পুৱা দক্ষিণ আফ্ৰিকাই ১ উইকেটত ১৫ ৰান সংগ্ৰহ কৰি খেল আৰম্ভ কৰে। কিন্তু দক্ষিণ আফ্ৰিকাৰ কোনো বেটছমেনে বলাৰৰ সন্মুখত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলে ৷ এটাৰ পাছত আন এটা উইকে্ট ওভতি যায় পেভিলিয়নলৈ ৷ প্ৰথম আউট হয় অ’পেনাৰ চেৰেল ইৰউইন (২১)। তাৰ পিছত পুনৰ আউট হয় থেউনিছ দ্য ব্ৰুইন (২৮)। তাৰ পিছত খায়া জোণ্ডো (১) আউট হয় । টেম্বা বাভুমা আৰু কাইল ভাৰ্নে এই পতনক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। দুয়োজনে পঞ্চম উইকেটলৈ ৬৩ ৰানৰ অংশীদাৰিত্বৰে সংগ্ৰহ কৰে ৷
দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ দক্ষিণ আফ্ৰিকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত চতুৰ্থ স্থানলৈ নামি আহিল। তৃতীয় স্থান লাভ কৰে শ্ৰীলংকাই। দক্ষিণ আফ্ৰিকাৰ জয়ৰ শতাংশ ৫০। আনহাতে শ্ৰীলংকাৰ এই পৰিমাণ হৈছে ৫৩.৩৩। দ্বিতীয় স্থানত থকা ভাৰতৰ পৰিমাণ হৈছে ৫৮.৯৩। অষ্ট্ৰেলিয়াই নিজৰ শীৰ্ষ স্থান অধিক শক্তিশালী কৰিবলৈ সক্ষম হয় । তেওঁলোকৰ স্ক’ৰ হৈছে হৈছে ৭৮.৫৭ শতাংশ।