এক ভয়াৱহ দূর্ঘটনাত পতিত হোৱা ক্ৰিকেটাৰ ঋষভ পন্টৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে ৷ ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত দিল্লীৰ পৰা উত্তৰাখণ্ডৰ ৰুৰকীলৈ গৈ থকা অৱস্থাতে দূর্ঘটনাটো সংঘটিত হয় ৷ ঋষভৰ বিলাসী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে’ৰ ডিভাইডাৰত পুৱা প্ৰায় ৫:৩০ বজাত খুন্দা মাৰে। তেওঁ নিজেই গাড়ী চলাই আহিছিল। ৰুৰকী মহম্মদপুৰ জাটৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।দূর্ঘটনাৰ সময়ত বাহনখনত অকলে আছিল ক্ৰিকেটাৰ গৰাকী ৷
দূর্ঘটনাৰ পাছত তেওঁক উদ্ধাৰ কৰি ৰুৰকিৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তাৰ পৰাই তেওঁক ডেৰাডুনৰ মেক্স হাস্পতালত ভৰ্তি কৰা হয় ৷ জানিব পৰা মতে গাড়ী চলাই থাকোঁতে ঋষভৰ টোপনি অহাৰ বাবেই পঠ দূর্ঘটনাটো সংঘটিত হয় ৷ । ডিজিপি অশোক কুমাৰে প্ৰকাশ কৰা অনুসৰি টোপনি অহাৰ বাবে ঋষভৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। ঋষভৰ চিকিৎসাৰ সকলো খৰচ উত্তৰাখণ্ড চৰকাৰে বহন কৰিব। এই কথা ঘোষণা কৰিছিল সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ক্ৰিকেটাৰগৰাকীৰ চিকিৎসাৰ সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে। ঋষভক চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে অন্য ঠাইলৈ লৈ যোৱা হ’ব পাৰে। আৰক্ষীয়ে জনোৱা মতে, ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ ডেৰ কোটি টকীয়া বিলাসী মাৰ্চিডিজ গাড়ী চলাই আহিছিল ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। ক্ৰিকেটাৰগৰাকীয়ে ২০১৭ চনত ক্ৰয় কৰিছিল এখন মাৰ্চিডিজ বেঞ্জ জিএলচি এছইউভি। তেতিয়া তেওঁৰ বয়স আছিল ১৯ বছৰ। মাৰ্চিডিজৰ এই মডেলটো হৈছে অন্যতম বিলাসী এছ ইউ ভি গাড়ী। এই গাড়ীৰ ইঞ্জিন অতি শক্তিশালী। গাড়ীখনত উন্নত ব্যৱস্থা আছে। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কেইবাটাও সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
গাড়ীখনত জুই লগাৰ পাছতে নিজকে জুইৰ পৰা ৰক্ষা কৰিবলৈ বেটছমেনজনে নিজেই দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ উইণ্ডশ্বিল্ড ভাঙি ওলাই আহে ৷ সময়মতে ওলাই নাহিলে তাতোকৈ ভয়ংকৰ দুৰ্ঘটনা এটা হ’ব পাৰিলেহেঁতেন। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু মিনিটৰ ভিতৰতে ঋষভৰ গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে গৈ জুই নিৰ্বাপন কৰে। দুৰ্ঘটনাত ঋষভে মূৰ, পিঠি আৰু আঁঠু আঘাতপ্ৰাপ্ত হয়। বাওঁ চকুৰ ওপৰত তেও আঘাত পাইছে ।
অৱশ্যে চিকিৎসকে তেওঁ বিপদমুক্ত বুলি প্ৰকাশ কৰে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে দলত নাই ঋষভ। কিছুদিন পিছত পণ্টে বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীলৈ যোৱাৰ কথা আছিল। অৱশ্যে দুৰ্ঘটনাৰ বাবে তেওঁ কেইবাদিনো জিৰণি ল’ব লগা হ’ব পাৰে।