বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বেঞ্জামিন নেতানিয়াহুৱে। ইজৰাইলৰ সংসদ নেচেটৰ সদস্য নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ইজৰাইলত যোৱা ১ নৱেম্বৰত ভোটদান অনুষ্ঠিত হৈছিল ৷ ১২০খন আসনৰ ভিতৰত ৩২খন আসন লাভ কৰে সোঁপন্থী লিকুড দলে। য়াইৰ লাপিদৰ দল য়েছ আতিদে ২৪খন আসনত জয়লাভ কৰে। বৃহস্পতিবাৰে নেচেটৰ ৬৩ জন সদস্যই তেওঁৰ চৰকাৰক সমৰ্থন কৰিবলৈ ভোটদান কৰে। ইয়াৰ পিছতে নেতানিয়াহুৱে শপত গ্ৰহণ কৰে।
১২ বছৰ ক্ষমতাত থকাৰ পিছত ২০২১ চনৰ জুন মাহত বেঞ্জামিন নেতানিয়াহুক পদচ্যুত কৰি এখন নতুন চৰকাৰ ক্ষমতালৈ আহে। য়াইৰ লাপিড প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু ডেৰ বছৰৰ ভিতৰতে শাসকীয় মধ্যপন্থী মিত্ৰজোঁটৰ অন্তৰ্যুদ্ধৰ বাবে ইজৰাইলত পুনৰ নিৰ্বাচনত অনুষ্ঠিত হয়। ইয়াৰ লগে লগে বিগত চাৰি বছৰত ৫ বাৰকৈ দেশখনে নিৰ্বাচন অনুষ্ঠিত হৈছে।