বৰ্তমান সময়ত আমি যিকোনো বিষয়ে কিবা কথা জানিবলৈ হ’লে গুগলৰ সহায় লওঁ ৷ কোনো ৰোগৰ বিষয়ে তথ্য সংগ্ৰহ কৰাই হওঁক নাইবা কোনো ৰোগৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়েই হওঁক বেছিভাগ মানুহেই ইণ্টাৰনেটত নিজৰ যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।২০২২ বৰ্ষত টিকাকৰণৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰাৰ পৰা আৰম্ভ কৰি গৰ্ভাৱস্থাৰ লগত জড়িত যিকোনো সমস্যাই হওঁক মানুহে স্বাস্থ্য সম্পৰ্কীয় তেনে বহু প্ৰশ্নৰ উত্তৰ ইণ্টাৰনেটত বিচাৰিছিল।
আহকছোন ইংৰাজী নৱবৰ্ষ ২০২৩ক আদৰণি জনোৱাৰ সময়ত আমি বুজ লওঁ চলিত বৰ্ষত এনে প্ৰশ্নবোৰৰ ভিতৰত গুগলক কোনকেইটা প্ৰশ্ন আটাইতকৈ বেছিকৈ সোধা হৈছিল ?
এই বছৰ চহৰৰ বাহিৰলৈ বা দেশৰ বাহিৰলৈ যাবৰ বাবে মানুহক টিকাকৰণৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হৈছিল। যাৰ বাবে তেওঁলোকে গুগলত আটাইতকৈ বেছি সন্ধান কৰিছিল যে কেনেকৈ টিকাকৰণৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰি।২০২২ বৰ্ষত ইণ্টাৰনেটত টিকাকৰণৰ প্ৰমাণ পত্ৰৰ সৈতে জড়িত বহু প্ৰশ্নৰ সোধা হৈছিল। ক’ভিড ভেকছিনৰ চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰি বা কেনেকৈ পাব আৰু ইয়াৰ সমান্তৰালকৈ কৰ’ণা সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ইণ্টাৰনেটত বহু কোম্পানীৰ ভেকচিনৰ নামো বিচাৰি উলিওৱা হৈছিল।
গৰ্ভাৱস্থাত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ গৰ্ভাৱস্থাত মহিলাসকলে পেটৰ সৈতে জড়িত অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এইবাৰ মহিলাসকলে গৰ্ভাৱস্থাত পেটৰ অসুখৰ উপায় বিচাৰি গুগল চাৰ্চ কৰিছিল । এই সময়ছোৱাত মহিলাৰ হৰম’নৰ বহু পৰিৱৰ্তন ঘটে বাবে গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য, ডায়েৰিয়া আদি বহুতো লক্ষণ দেখা যায় লগতে খাদ্যৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন ঘটে যাৰ বাবে গৰ্ভাৱস্থাত পেটৰ অসুখ হয় যাৰ উপশম বিচাৰি ২০২২ বৰ্ষত মহিলাসকলে সৰ্বাধিক গুগল অনুসন্ধান কৰিছে ।
এইবছৰ মানুহে ইণ্টাৰনেটত টোক মাহৰ বিষয়েও বহু অনুসন্ধান কৰিছে। কিয়নো কৰ’ণা সংক্ৰমণৰ পিছৰ পৰাই মানুহ নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সক্ৰিয় হৈ পৰিছে। টোক মাহ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। এই গুটিবোৰ ব্যৱহাৰ কৰি বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। মানুহে ইণ্টাৰনেটত ইয়াৰ স্বাস্থ্য উপকাৰীতা আৰু ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেই বিষয়ে অধিক সন্ধান কৰা হৈছে। উল্লেখনীয় যে টোক মাহে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি কলেষ্ট্ৰলৰ মাত্ৰা কমোৱাত সহায় কৰে।
বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চেৰ’গেচিৰ সহায়ত মাতৃ হৈ পৰাৰ তথ্য তেওঁ নিজেই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছত দক্ষিণ ভাৰতৰ অভিনেত্ৰী নয়ন্তৰা আৰু ভাইগ্ৰেছেও চেৰ’গেচিৰ সহায়ত যমজ সন্তানৰ পিতৃ-মাতৃ হৈছিল। এই দুয়োটা খবৰৰ পিছত মানুহে ইণ্টাৰনেটত চেৰ’গেচি সম্পৰ্কীয় বহু ধৰণৰ প্ৰশ্ন সন্ধান কৰিলে। যেনে চেৰ’গেচি কি,চেৰ’গেচিৰ সহায়ত কেনেকৈ পিতৃ-মাতৃ হ’ব পাৰি নাইবা চেৰ’গেচিৰ বাবে কি কি নিয়ম-নীতি আছে আদি ৷
চেৰ’গেচীৰ যোগেদি এগৰাকী নাৰীয়ে নিজৰ গৰ্ভ আন এগৰাকী মহিলাক দিয়ে আৰু তেওঁক চেৰ’গেট মাতৃ বুলি কোৱা হয়।