লণ্ডনৰ আন্তর্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্রিত হৈছে সাহিত্য অকাডেমী বঁটাপ্রাপক সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী। প্রথমগৰাকী অসমীয়া সাহিত্যিকৰূপে তেওঁ অংশ ল’ব দুখন গুৰুত্বপূর্ণ আলোচনা সত্রত। ব্রিটিছ দূতাবাসৰ সহযোগত অহা ৭-৯ জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত ব্রিটিছ লাইব্ৰেৰীত অনুষ্ঠিত হ’ব জয়পুৰ সাহিত্য উৎসৱ (জে এল এফ), লণ্ডন- ২০২৪। জে এল এফ, লণ্ডনৰ হৈ ব্ৰিটিছ দূতাবাসৰ আমন্ত্রণক্রমে লণ্ডনলৈ উৰা মাৰিছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক-সাংবাদিকগৰাকীয়ে।
বিশ্বৰ আগশাৰীৰ আন্তর্জাতিক সাহিত্য উৎসৱসমূহৰ জে এল এফ, লণ্ডনলৈ ভাৰতৰ লগতে কেইবাখনো দেশৰ বহু বিশিষ্ট কবি, সাহিত্যিক, গৱেষক, দার্শনিক, চিন্তাবিদেও অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে জয়পুৰ সাহিত্য উৎসৱ ৰাজস্থানৰ জয়পুৰৰ লগতে লণ্ডন আৰু আমেৰিকাতো অনুষ্ঠিত হয়। লণ্ডনত অনুষ্ঠিত সাহিত্য উৎসৱটোৱে ইতিমধ্যে এটা দশক সম্পূর্ণ কৰি একাদশ বৰ্ষত ভৰি দিছে। প্রধানতঃ ইংৰাজী ভাষাত সাহিত্য চর্চা কৰা বিশ্বৰ বিভিন্ন দেশৰ বিশিষ্ট সাহিত্যিক-চিন্তাবিদ, দার্শনিকসকলক এই উৎসৱলৈ আমন্ত্রণ জনোৱা হয়।
একাদশ বর্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাহিত্য উৎসৱটোৰ দুখন আলোচনা সত্রত আলোচক হিচাপে আমন্ত্রিত হৈছে অনুৰাধা শৰ্মা পূজাৰী । জে এল এফ, লণ্ডনৰ ফালৰ পৰা সাহিত্যিকগৰাকীলৈ প্ৰেৰণ কৰা নিমন্ত্রণী পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত সাহিত্য চর্চা কৰা সাহিত্যিক হিচাপে অনুৰাধা শৰ্মা পূজাৰীক আলোচনা সত্রত অংশ ল’বলৈ আমন্ত্রণ জনোৱা হৈছে। লক্ষণীয়ভাবে জয়পুৰত অনুষ্ঠিত জয়পুৰ সাহিত্য উৎসবত ইতিমধ্যে অসমীয়া সাহিত্যিকগৰাকীয়ে অংশগ্রহণ কৰিছে। এইবাৰ জে এল এফ, লণ্ডনলৈ আমন্ত্রণ জনোৱা কথাই বহন কৰিছে বিশেষ তাৎপর্য। লণ্ডনলৈ উৰা মৰাৰ পূর্বে অনুৰাধা শর্মা পূজাৰীয়ে কয়- ‘অসমীয়া লেখক বুলি উল্লেখ কৰি সাহিত্য উৎসৱৰ তৰফৰ পৰা মোক আমন্ত্রণ জনোৱাটো স্বাভাৱিকতে ভাল খবৰ। বিশ্বৰ এখন আগশাৰীৰ মঞ্চত অসমীয়া ভাষাত সাহিত্য চর্চা কৰা লেখক এগৰাকীক আলোচক হিচাপে আমন্ত্রণ জনোবাটো অসমীয়া সাহিত্যৰ বাবে উল্লেখনীয় কথা হিচাপে বিবেচিত হৈছে।’