আই পি এল ২০২৩ৰ প্ৰস্তুতিত এতিয়া ব্যস্ত সকলো ফ্ৰেঞ্চাইজি। শেহতীয়াকৈ অনুষ্ঠিত হোৱা আই পি এল ২০২৩ৰ মিনি অকচনত ফ্ৰেঞ্চাইজিসমূহে খেলুৱৈসকলৰ ওপৰত যে ধনৰ বৰষুণহে দিছিল। এই নিলামত দিল্লী কেপিটেলছেও ক্ৰয় কৰিছে ৫ গৰাকীকৈ খেলুৱৈক।
উল্লেখযোগ্য যে নিলামৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে ডিচিয়ে ৫ কোটি ৫০ লাখ টকাত মুকেশ কুমাৰক ক্ৰয় কৰিছিল। কিন্তু আই পি এল ২০২৩ৰ পূর্বে এইবাৰ দিল্লী কেপিটেলছ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিয়নো ভয়ংকৰ পথ দুৰ্ঘটনাৰ বলি হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত।
দিল্লীৰ পৰা গাড়ীৰে ঘৰলৈ যাওঁতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ঋষভ পন্ত। শুকুৰবাৰে পুৱতি নিশা তেওঁৰ গাড়ীখনে অনিয়ন্ত্ৰিত হৈ ৰেলিঙত খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ঋষভ পন্ত। আজি পণ্টৰ মুখৰ প্লাষ্টিক চাৰ্জাৰী কৰা হয়। জানিব পৰা মতে তেওঁৰ আঁঠু আৰু ভৰিৰ গোৰোহাৰ স্কেনিং কৰা হ’ব। চিকিৎসকে জনোৱা মতে, ঋষভ পন্ত এতিয়া বিপদ সীমাৰ বাহিৰত।অৱশ্যে এইমছৰ এগৰাকী চিকিৎসকে দাবী কৰিছে যে ঋষভ পন্তৰ সুস্থ হ’বলৈ কমেও তিনি-চাৰি মাহ সময় লাগিব পাৰে।
যদি ঋষভ পন্তই সম্পূৰ্ণ সুস্থ হ’বলৈ তিনি-চাৰি মাহ সময় লয়, তেন্তে এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল তেওঁ পুনৰ খেলপথাৰলৈ ঘূৰি আহিব পাৰিবনে? যদি তিনি-চাৰি মাহৰ ভিতৰত ঋষভ পণ্ট খেলপথাৰলৈ ঘূৰি আহিব নোৱাৰে, তেন্তে আই পি এল ২০২৩ (আই পি এল ২০২৩)ত খেলপথাৰত অৱতীৰ্ণ হোৱাটো পণ্টৰ বাবে অতি কঠিন হ’ব যেন লাগে।
অৱশ্যে বিচিচিআইয়ে এতিয়াও প্ৰকাশ কৰা নাই আইপিএল ২০২৩ৰ সূচী। কিন্তু অনুমান কৰা হৈছে যে মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত বিচিচিআইয়ে আইপিএল ২০২৩ অনুষ্ঠিত কৰিব পাৰিব। মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত যদি আই পি এল আয়োজন কৰা হয়, তেন্তে এইবাৰ আই পি এলত নিশ্চয় অংশগ্ৰহণ কৰিব নোৱাৰিব পণ্টে।
কিন্তু যদি ঋষভ পণ্টে আই পি এল ২০২৩ত অংশ ল’ব নোৱাৰে তেন্তে দিল্লী কেপিটেলছৰ বাবে ই অৱশ্যেই এক কঠিন পৰিস্থিতি ৰূপে পৰিগণিত হ’ব৷ কাৰণ দিল্লীৰ বাবে দুটা প্ৰত্যাহ্বান আহিব। আই পি এল ২০২৩ (আই পি এল ২০২৩)ত ঋষভ পন্তৰ অনুপস্থিতিত ডি চিক এজন অধিনায়ক আৰু এজন অভিজ্ঞ বেটছমেনৰ প্ৰয়োজন হ’ব ৷ অৱশ্যে পন্তৰ অনুপস্থিতিত দিল্লী কেপিটেলছে অধিনায়কৰ দায়িত্ব ডেভিদ ৱাৰ্নাৰক অৰ্পণ কৰিব পাৰে বুলি এক অনুমান কৰা হৈছে । কিন্তু ডেভিড ৱাৰ্নাৰৰ অ’পেনাৰত ঋষভ পণ্টৰ ঠাইত কোনজন খেলুৱৈয়ে বেটিং কৰিব সেয়া সময়ত লক্ষ্যণীয় হ’ব ।