VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

voicedesk by voicedesk
January 2, 2023
in ৰাজনীতি
গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ
0
SHARES
48
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰকেইটাৰ সামগ্ৰিক ব্যৱস্থাৱলীৰ বুজ লয় | বিগত বৰ্ষত মন্ত্ৰী হাজৰীকাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীত্ব গ্ৰহণ কৰিয়েই গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি একাংশ নিচামুক্তি কেন্দ্ৰৰ অনুন্নত আৰু পুতৌজনক অৱস্থা মন কৰিছিল | ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে বিভাগীয় বিষয়াসকলৰ উপস্থিতিত এখন বৈঠকত মিলিত হৈ নিচামুক্তি কেন্দ্ৰসমূহ উন্নত কৰাৰ বাবে নীতি নিৰ্দ্ধাৰণ কৰি দিছিল | বিশেষকৈ কেন্দ্ৰসমূহত থকা আৱাসীসকলে যাতে ভাল পৰিৱেশ এটাত স্বাস্থ্যসন্মতভাৱে নিচামুক্তিৰ দিশত আগবাঢ়িব পাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল | নিচামুক্তি কেন্দ্ৰসমূহক তিনি মাহৰ ভিতৰত প্ৰয়োজনীয় নীতি মানি চলি নিচামুক্তি কেন্দ্ৰসমূহ উন্নত কৰাৰ বাবে সময় বান্ধি দিয়া হৈছিল | এই সময়সীমা উকলি যোৱাৰ পাছত আজি মন্ত্ৰী হাজৰীকাই গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে |

মন্ত্ৰী হাজৰীকাই ক্ৰমে পীচ ফাউণ্ডেচন, কৃপা ফাউণ্ডেচন আৰু ৰিকভাৰী ৱেলনেচ চ’চাইটী নামৰ তিনিটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে |

পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰসমূহত থকা আৱাসীসকলৰ সৈতে আলাপ কৰি তেঁওলোকৰ সুবিধা-অসুবিধাসমূহ জানিবলৈ প্ৰয়াস কৰে | নিচাৰ পৰা মুক্তি লাভ কৰাৰ উপায় বিচাৰি এনেদৰে নিচামুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ থকা আৰু কাউঞ্চেলিং লাভ কৰি থকা এই আৱাসীসকলক সমাজৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে পাছত সাংবাদিকৰ আগত মন্তব্য কৰে | মন্ত্ৰীগৰাকীয়ে আৰু কয় যে তুলনামূলকভাৱে আগতকৈ নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা উন্নত হোৱা পৰিলক্ষিত হৈছে | এই ক্ষেত্ৰত আৰু ভাল কৰিবৰ বাবে আৰু ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে স্বত্বাধিকাৰীসকলক কোৱা হৈছে | নিচামুক্তি কেন্দ্ৰসমূহত থকা ব্যক্তিসকল আমাৰ সমাজৰে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সকলক মূল সুঁতিলৈ আনিবলৈ আমি তেঁওলোকক উপযুক্ত স্বাস্থ্য আদিৰ ব্যৱস্থা কৰিব লাগিব | মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে এই ক্ষেত্ৰত সজাগ দৃষ্টি ৰাখি প্ৰয়োজনীয় কাম কৰি আছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই |

আনহাতে পৰৱৰ্তী সময়ত নিয়মিত ৰূপত গুৱাহাটী আৰু অন্যান্য অঞ্চলত নিচামুক্তি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কেন্দ্ৰসমূহৰ অৱস্থা উন্নত কৰাটো সুনিশ্চিত কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে | মন্ত্ৰীগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত ৰাজ্যিক ড্ৰাগচ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোঁহাই আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই সংগ দিয়ে |

Previous Post

ভাজপা কৃষকমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত ৰাজকুমাৰ চাহৰে ত্ৰিপুৰা ৰাজ্যলৈ ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত

Next Post

নগাঁও জিলা পুথিভঁৰালত দ্ৰোণাচাৰ্য দ্যা ৰিডম অৱ আৰ্টৰ প্ৰতিষ্ঠা দিৱস

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
নগাঁও জিলা পুথিভঁৰালত দ্ৰোণাচাৰ্য দ্যা ৰিডম অৱ আৰ্টৰ প্ৰতিষ্ঠা দিৱস

নগাঁও জিলা পুথিভঁৰালত দ্ৰোণাচাৰ্য দ্যা ৰিডম অৱ আৰ্টৰ প্ৰতিষ্ঠা দিৱস

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7