বিশ্ববিশ্ৰুত ফুটবল তাৰকা পেলেৰ মৃত্যুৰ চাৰিদিন পিছতে আৰম্ভ হৈছে শেষ যাত্ৰা ৷ পূৰ্বে ঘোষণা কৰা অনুসৰি সোমবাৰে পুৱা এলবাৰ্ট আইনষ্টাইন হাস্পতালৰ পৰা ছান্টোছৰ ভিলা বেলমিৰো ষ্টেডিয়ামলৈ তেওঁৰ নশ্বৰদেহ অনা হয়। তাত সাধাৰণ মানুহে ২৪ ঘণ্টাই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে। মঙলবাৰে তেওঁৰ শেষকৃত্য ধর্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হ’ব।
সোমবাৰে পুৱাৰে পৰা ভিলা বেলমিৰোৰ আশে-পাশে ভিৰ হ’বলৈ আৰম্ভ কৰে। সকলোৱে পেলেৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বিপুল জনসমাগমক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে ৷পেলেৰ নশ্বৰদেহ চিকিৎসালয়ৰ পৰা আনি ষ্টেডিয়ামৰ মাজত স্থাপন কৰা অস্থায়ী মঞ্চত ৰখা হয়। তেওঁৰ কফিনৰ ওপৰ অংশটো খুলি দিয়া হ’ল। পেলেৰ শৰীৰৰ এখন বগা চাদৰেৰে মেৰিয়াই দিয়া হৈছে ৷ তেওঁৰ কফিনৰ কাষত ৰখা হৈছে বগা ফুলৰ থোপা । তেওঁৰ পুত্ৰ এডিনহোৱে পেলেৰ কফিনটো কঢ়িয়াই নিয়াৰ সময়ত কান্ধত তুলি লয় ৷
এডিনহ’ই পেলেৰ কপালত হাত থৈ প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছিল। ইয়াৰ পিছত পেলেৰ পত্নী মাৰ্চিয়া আওকিয়ে পেলেৰ মৃতদেহৰ ওপৰত ক্ৰছ স্থাপন কৰে। । পুৱা ১০ বজাৰ পৰা সাধাৰণ ৰাইজৰ বাবে ষ্টেডিয়ামৰ দুৱাৰ মুকলি কৰা হয়। ভিৰৰ মাজত উপস্থিত আছিল ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ গিলমাৰ মেণ্ডেছ।
পেলেক শেষ শ্ৰদ্ধা জনাবলৈ কাৰ্লোছ মোটাই নিজৰ ১২ বছৰীয়া পুত্ৰ বাৰ্নাৰ্ডোৰ সৈতে ৰিঅ’ ডি জেনেইৰ’ৰ পৰা চাও পাউলোলৈ ৩০০ মাইল যাত্ৰা কৰিছিল। তেওঁ কয়, ‘মোৰ গোটেই শৈশৱত পেলৰ প্ৰভাৱ অপৰিসীম আছিল। তেওঁৰ বিশ্বকাপ জয় পাহৰিব নোৱাৰিব। তেওঁ সমগ্ৰ দেশৰ আদৰ্শ ৷মই কেতিয়াও পেলেক খেলা দেখা নাই। কিন্তু তেওঁৰ বহু ভিডিঅ’ দেখিছোঁ। তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ।’