নতুন বছৰৰ আৰম্ভনিতে ক্ৰীড়াক্ষেত্ৰলৈ এক বেয়া খবৰ। ডিঙি আৰু স্তনৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভা। সোমবাৰে তেওঁ নিজেই এই কথা প্ৰকাশ কৰে। শীঘ্ৰে আৰোগ্য লাভ কৰিব বুলিও আশা কৰিছে প্ৰাক্তন টেনিছ তাৰকাগৰাকীয়ে।
মাৰ্টিনাই যোৱা নৱেম্বৰ মাহত ডিঙিৰ অস্বস্তি লক্ষ্য কৰিছিল। ইয়াৰ পিছত পৰীক্ষাৰ সময়ত এটা টিউমাৰ ধৰা পৰে। ইয়াৰ পিছত সমগ্ৰ শৰীৰটো পৰীক্ষা কৰা হয়। যাৰ পৰা কেন্সাৰ স্তনলৈ বিয়পি পৰা বুলি নিশ্চিত হয় ৷ মাৰ্টিনাই ১৩ বছৰ পূৰ্বে ৰেডিয়চন থেৰাপীৰ দ্বাৰা স্তন কেন্সাৰৰ পৰা মুক্তি পাইছিল। তেতিয়া কোৱা হৈছিল যে এই ৰোগ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। কিন্তু এই ৰোগে পুনৰ মাৰ্টিনাৰ শৰীৰত ঠাই লৈছে।
মাৰ্টিনাৰ এগৰাকী মুখপাত্ৰই কয় যে কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰিছে আৰু ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। সম্পূৰ্ণ সুস্থ হোৱাৰ সম্ভাৱনা বেছি।
মাৰ্টিনাই এই মাহতে ডিঙিৰ কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ কৰিব। অধ্যয়নত দেখা গৈছে যে প্ৰাৰম্ভিক পৰ্যায়ত ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰিলে ৯০ শতাংশ ৰোগীয়ে পাঁচ বছৰ বা তাতকৈ অধিক সময় জীয়াই থাকে। অৱশ্যে স্তন কেন্সাৰৰ চিকিৎসা কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত কোনো তথ্য নাই। সূত্ৰ অনুসৰি ডিঙিৰ কৰ্কট ৰোগ আৰু স্তন কেন্সাৰৰ মাজত কোনো সম্পৰ্ক নাই।
খেলৰ পৰা অৱসৰ লোৱাৰ পিছত মাৰ্টিনাই টেনিছ বিশেষজ্ঞ হিচাপে কাম কৰিছিল। কিছুদিন পিছত তেওঁ মেলবৰ্ণলৈ উৰা মাৰি অষ্ট্ৰেলিয়ান অ’পেনত ধাৰাভাষ্যকৰ হিচাপে অংশগ্ৰহণ কৰিছে ৷
১৯৭৪ চনৰ পৰা ২০০৬ চনলৈকে মাৰ্টিনাই টেনিছ খেলিছিল। একক, ডাবল, মিক্স ডাবলছত ৫৯ খন গ্ৰেণ্ড শ্লেম তেওঁ লাভ কৰিছে । যিকোনো মহিলা খেলুৱৈতকৈ অধিক উইম্বলডন খিতাপ (৯) লাভ কৰি তেওঁ অভিলেখ ৰচনা কৰিছিল ৷মাৰ্গাৰেট ক’ৰ্ট আৰু ডৰিছ হাৰ্টৰ লগতে মাৰ্টিন হৈছে একক, ডাবলছ আৰু মিক্সড ডাবলছত কেৰিয়াৰৰ গ্ৰেণ্ড শ্লেম লাভ কৰা একমাত্ৰ মহিলা টেনিছ খেলুৱৈ। যোৱা বছৰ উইম্বলডনৰ শতবাৰ্ষিকীত তেওঁক সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰা হৈছিল । কিন্তু প্ৰতিযোগিতাৰ পূৰ্বে তেওঁ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাবে তেওঁক সম্বর্ধণা জ্ঞাপন কৰিব পৰা নগ’ল ৷