বিজেপি চৰকাৰৰ নেতৃত্বত সলনি হৈছে অসমৰ দৃশ্যপট ৷ অসমৰ গাওঁ-ভূই চহৰ-নগৰ সকলোতে নিৰ্মাণ হৈছে নতুন নতুন ভৱন নাইবা বাট-পথ আৰু বহুতো ৷ অৱশ্যে বহুক্ষেত্ৰত ৰাইজৰ ৰোষত পৰিলেও নাইবা সমালোচনাৰ সন্মূখীন হ’লেও চৰকাৰখনে কৰা বহু কামৰ বাবে ৰাইজে বহু ক্ষত্ৰত কিছু সকাহ নোপোৱাকৈও থকা নাই ৷
আনহাতে প্ৰতিদিনেই অসমত নিৰ্মাণ কৰা হৈছে বিভিন্ন কাৰ্যালয় ভৱনো ৷ আজি কামৰূপ (মহানগৰ)ৰ ৰূপনগৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আয়োজিত ভূমি পূজনত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।
আনুমানিক ৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ভৱনটোত উপায়ুক্ত কাৰ্যালয়ৰ অধীনৰ সকলো চৰকাৰী বিভাগ থাকিব বুলি মত পোষণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী গৰাকীয়ে ।