সুন্দৰ লয়লাস ভংগিমাৰে মডেলে ৰেম্পত খোজকঢ়া আপুনি হয়তো দেখিছে ৷ কিন্তু ৰেম্পত গৰুৱে খোজকঢ়া দেখিছেনে ৷ শেহতীয়াকৈ বাংলাদেশৰ ঢাকাৰ আগৰগাঁৱত অনুষ্ঠিত হয় গৰুৰ ফেশ্বন শ্ব’ ৷ তাত অনুষ্ঠিত হোৱা গৰু এক্সপৰ সৈতে সংগতি ৰাখি এই ৰেম্প শ্ব অনুষ্ঠিত হয় ৷। শুকুৰবাৰে তাত গৰু ৰেম্প শ্ব’ অনুষ্ঠিত হয়।
সন্ধিয়াৰ আগতেই এক্সপ’ এলেকাৰ কিছু অংশ নির্ধাৰণ কৰি দিয়া হৈছিল। ফাৰ্মৰ মালিকসকলে গৰু-ম’হ এই স্থানত প্ৰদর্শন কৰে ৷ বাংলাদেশ যমুনা টিভিৰ তথ্য অনুসৰি এই প্ৰদৰ্শনীত প্ৰায় ১৫০ জন সদস্যই অংশগ্ৰহণ কৰে। সৰু সৰু দেশী গৰুৰ পৰা আৰম্ভ কৰি ১৫০০ কেজি ওজনৰ প্ৰকাণ্ড ম’হলৈকে ৰঙীন ‘ড্ৰেছ’ পিন্ধাই গৰু-ম’হ লৈ ফাৰ্মৰ সদস্যসকলে দৰ্শকৰ সন্মুখত খোজ কাঢ়িছিল। গৰু-ম’হৰ বাহিৰেও কিছুমান খেতিয়কে ছাগলী লৈ ৰেম্পত খোজ কাঢ়ে । ঢাকাৰ বাহিৰৰ বহু লোকেও এই প্ৰদৰ্শনীত উপস্থিত হয়। আয়োজকসকলে দাবী কৰিছে যে বাংলাদেশত এই ধৰণৰ ৰেম্প শ্ব’ প্ৰথমবাৰ অনুষ্ঠিত হৈছে । দৰ্শকৰ এটা অংশইও কয় যে তেওঁলোকে আগতে কেতিয়াও এনে প্ৰদৰ্শনী দেখা নাছিল।
বাংলাদেশ গৰু পালক সন্থাৰ সভাপতি বৰহানুল হাছান চৌধুৰী ছালেহিনে সংবাদ মাধ্যমৰ আগত কয় যে এই এক্সপ’ত গৰু ক্ৰয়-বিক্ৰয়ৰ কোনো ব্যৱস্থা নাই। এই এক্সপ’ৰ মূল লক্ষ্য হৈছে ক্ৰেতা আৰু দেশবাসীৰ আগত বিভিন্ন প্ৰকাৰৰ গৰু প্ৰদৰ্শন কৰা। ভৱিষ্যতে পুনৰ এই ধৰণৰ মেলাৰ আয়োজন কৰাৰ কথা চিন্তা কৰিছে আয়োজকসকলে।