হাতীপটি তাৰকা ৰাজ্যৰ অন্যতম গ্ৰহ মংগল গ্ৰহ ৷ যি দেখাত ৰঙা হোৱাৰ বাবেই ইয়াক ৰঙা গ্ৰহ বুলি কোৱা হয় ৷ কিন্তু কিয় এই গ্ৰহ দেখাত ৰঙা সেই সন্দৰ্ভতো নিশ্চয় বহুজনৰ মনত বহু সময়ত বহু প্ৰশ্নৰ উদ্ৰেক ঘটে ৷
সহজকৈ ক’বলৈ গ’লে মংগল গ্ৰহৰ পৃষ্ঠত পোৱা মৌলবোৰৰ বাবে ই দেখাত ৰঙা। কিয়নো ইয়াৰ পৃষ্ঠত আইৰণ অক্সাইড থাকে। আইৰণে যেতিয়া অক্সিজেন অণুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া ই আইৰণ অক্সাইড গঠন কৰে। এই উপাদানেই মংগল গ্ৰহৰ ৰং ৰঙা কৰি পেলায়। কিন্তু প্ৰশ্ন হ’ল যে মংগল গ্ৰহলৈ ইমান আইৰণ ক’ৰ পৰা আহিল আৰু আইৰণ অক্সাইড কেনেকৈ উৎপন্ন হ’ল ?
বিজ্ঞানীসকলৰ মতে প্ৰায় ৪.৫ বিলিয়ন বছৰ আগতে যেতিয়া আমাৰ সৌৰজগত গঠন হৈছিল তেতিয়া ই ধূলি আৰু গেছেৰে ভৰি থকাৰ লগতে ইয়াত গধুৰ মৌলও আছিল। মধ্যাকৰ্ষণ শক্তিৰ বাবেই সূৰ্য্য আৰু গ্ৰহৰ সৃষ্টি হৈছিল। পৃথিৱীখন যেতিয়া অতি সৰু আছিল, তেতিয়া ই বেছিভাগ আইৰণ নিজৰ ফালে আকৰ্ষণ কৰিছিল । মংগল গ্ৰহৰ ক্ষেত্ৰত নাছাৰ বিজ্ঞানীসকলে বিশ্বাস কৰে যে ইয়াৰ মূল অংশতো আইৰণ আছে আৰু পোহৰৰ মাধ্যাকৰ্ষণৰ বাবে এই আইৰণৰ কিছু অংশ ইয়াৰ ওপৰৰ পৃষ্ঠতো থাকি গ’ল। অৱশ্যে কেৱল আইৰণৰ বাবেই মংগল গ্ৰহ ৰঙা নহয়। অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আইৰণ অক্সাইড গঠন কৰিলেহে এই গ্ৰহ ৰঙা হৈ পৰে বুলি ধাৰণা কৰা হৈছে।
দুটা আইৰণ আৰু তিনিটা অক্সিজেন মুঠ পাঁচটা অণুৰে গঠিত এই আইৰণ অক্সাইড । কিন্তু মংগল গ্ৰহত কেনেকৈ আইৰণ অক্সাইডৰ সৃষ্টি হৈছিল সেই সম্পৰ্কে কোনো সঠিক তথ্য পোৱা নাযায় । স্পেচ ডট কমৰ মতে প্ৰাচীন কালত মংগল গ্ৰহতো পানী আছিল।ইয়াৰ মাজেৰে নদী বৈ গৈছিল আৰু ইয়াত বৰষুণো হৈছিল। এই বৰষুণৰ পানীৰ পৰা ওলোৱা অক্সিজেনে আইৰণৰ অণুৰ সৈতে বিক্ৰিয়া কৰি মংগল গ্ৰহত আইৰণ অক্সাইড গঠন কৰিছিল।
আনহাতে মংগল গ্ৰহৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড কোটি কোটি বছৰৰ প্ৰক্ৰিয়াৰ ফলত সূৰ্য্যৰ ৰশ্মিয়ে অক্সিজেন অণুলৈ ভাঙি পেলাইছিল। পিছলৈ এই অক্সিজেনৰ পৰা আইৰণ অক্সাইডৰ সৃষ্টি হয়। ২০০৯ চনত মংগল গ্ৰহত ধূলিৰ ধুমুহাই কোৱাৰ্টছ স্ফটিক ভাঙি ক্ৰমান্বয়ে আইৰণক জাৰণ কৰা বুলি ডেনিছ বিজ্ঞানীৰ এটা দলে প্ৰকাশ কৰিছিল।
অৱশ্যে ইয়াৰ আঁৰৰ সঠিক কাৰণ কোনেও নাজানে ৷ সেয়েহে মংগল গ্ৰহৰ ৰং কিয় ৰঙা সেয়া আজিও এক ৰহস্যৰ আৱৰ্তত।