এছ এছ ৰাজামৌলিৰ পৰিচালিত আৰআৰআৰ ছবিৰ সুখ্যাতি অব্যাহত আছে ৷ শেহতীয়াকৈ অস্কাৰ বিজয়ী অভিনেত্ৰী জেচিকা চেষ্টেইনে ছবিখনৰ প্ৰশংসা কৰিছে। এইবাৰ অস্কাৰ কমিটীৰ সদস্যসকলেও এই ছবিখনৰ প্ৰশংসা কৰে। শনিবাৰে লছ এঞ্জেলছত ছবিখনৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে ৰাজামৌলি আৰু সহ অভিনেতা জুনিয়ৰ এন টি আৰ। ছবিখনৰ শেষত দৰ্শকে হাতচাপৰি বজাই প্ৰশংসা কৰে ৷ বছৰৰ অন্যতম শ্ৰেষ্ঠ ছবি বুলিও আৰআৰআৰক অভিহিত কৰে দর্শকে ।
অস্কাৰ কমিটীৰ সদস্যসকলৰ উপৰিও আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিনিধিও থিয়েটাৰত উপস্থিত আছিল। প্ৰশংসা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰা ৰাজামৌলি আৰু এন টি আৰেও ছবিখন প্ৰদৰ্শনৰ পিছত এক প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশ লৈছিল। ৰাজামৌলীয়ে কয় যে ছবিখনত ‘কোমুৰাম বিমুৰু’ গীতটোৰ শ্বুটিং তেওঁৰ জীৱনৰ সৰ্বোত্তম অভিজ্ঞতা। ছবিখনৰ প্ৰথমাৰ্ধৰ শেষৰ এটা দৃশ্যত এনটিআৰে এজাক জীৱ-জন্তুৰ সৈতে ব্ৰিটিছ সেনাৰ ওপৰত জপিয়াই পৰা দেখা গৈছে। সেই দৃশ্যটোৰ শ্বুটিঙৰ অভিজ্ঞতাৰ কথাও তেওঁ বর্ণনা কৰে ৷
ৰাজামৌলি আৰু জুনিয়ৰ এন টি আৰ বৰ্তমান গোল্ডেন গ্ল’বছত অংশগ্ৰহণৰ বাবে আমেৰিকাত আছে। ‘আৰআৰআৰ’ৰ শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত মনোনীত হৈছে। প্ৰসংগক্ৰমে যোৱা বছৰৰ মাৰ্চ মাহত দেশত মুক্তি লাভ কৰিছিল ছবিখন। ছবিখনৰ কম সময়ৰ ভিতৰতে বক্স অফিচত ১২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে।