ফিটনেছৰ অভাৱত পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল যছপ্ৰিত বুমৰাহ ৷ ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে ৩খন মেচৰ শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দললৈ পুনৰ আহ্বান জনাইছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ মেচত ভাৰতৰ হৈ শেষবাৰৰ বাবে খেলিছিল বুমৰাহে। তাৰ পিছৰ পৰাই তেওঁ ভাৰতৰ হৈ এছিয়া কাপ আৰু টি-২০ বিশ্বকাপকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মেচত অংশ ল’ব নোৱাৰিলে। শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ দলত স্থান লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও পেচাৰগৰাকীয়ে সম্পূৰ্ণ ফিটনেছলৈ ঘূৰি আহিবলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব ৷
এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ দলত বুমৰাহৰ অনুপস্থিতিত যথেষ্ট প্ৰভাৱ পৰিছিল ৷ ইয়াৰ পূৰ্বে বিচিচিআইৰ এক বিবৃতিত ব’ৰ্ডে শ্ৰীলংকা ছিৰজৰ বাবে ভাৰতৰ ৰষ্টাৰত বুমৰাহৰ নাম সংযোজন কৰিছিল। বিজ্ঞপ্তিটোত লিখা আছিল- “সর্বভাৰতীয় বাছনি কমিটীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক মাষ্টাৰকাৰ্ড ৩ মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দলত পেচাৰ জস্প্ৰিত বুমৰাহক অন্তৰ্ভুক্ত কৰিছে।”
২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা বুমৰাহ ক্ৰিকেট খেলৰ পৰা আঁতৰি আছে ৷ পিঠিৰ আঘাতৰ বাবে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ পৰা তেওঁ বাহিৰ হৈছিল।
শ্ৰীলংকাৰ এদিনীয়া খেলৰ বাবে ভাৰতৰ দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল , ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, ম. ছামি, মহম্মদ ছিৰাজ, উমৰাণ মালিক, আৰ্ছদীপ সিং।