আজি বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন৷ সেয়েহে সামাজিক মাধ্যম ইনষ্টাগ্ৰাম যোগে ভগ্নী জোয়া আখতাৰে অভিনন্দন জ্ঞাপন কৰিলে ভাতৃ ফাৰহান আখতাৰক। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জোয়াই ফাৰহানৰ শৈশৱৰ এখন ক’লা-বগা ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভকামনা জ্ঞাপন কৰি লিখিলে যে জন্মদিনৰ ল’ৰা। লগতে লিখিলে যে নিজ ভাতৃক বৰ ভাল পায় তেওঁ। আনহাতে সামাজিক মাধ্যমত পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে ফাৰহানৰ পত্নী শিবানী ডাণ্ডেকাৰে মন্তব্য কৰে যে সকলোতকৈ মৰমলগা ৷
অনহাতে ফাৰহানৰ সৈতে একেদিনাই জন্মদিন উদযাপন কৰা অনুষা ডাণ্ডেকাৰে শনিবাৰে মুম্বাইত এক আগতীয়া উদযাপনৰ আয়োজন কৰে। এই উদযাপনৰ কেইবাখনো ফটো আৰু ভিডিঅ’ তেওঁলোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল য’ত দুয়োকে একেলগে জন্মদিনৰ কেক কাটি থকা দেখা গৈছিল।
ফাৰহান আখতাৰে জনপ্ৰিয় ৱেব ছিৰিজ মিছেছ মাৰ্ভেলত ৱালিদৰ চৰিত্ৰত অভিনয় কৰিছিল।অৱশ্যে ইয়াৰ পিছত তেওঁ প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফ আৰু আলিয়া ভাট অভিনীত ‘জি লে জৰা’ৰ যোগেদি পুনৰ পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰিছে ।অৱশ্যে ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই নিৰ্মাতাসকলে।