গুৰুতৰ দূর্ঘটনাত পতিত ঋষভ পন্ত কেতিয়া সম্পূর্ণ সুস্থ হৈ উঠিব তাক লৈ এতিয়াও স্পষ্ট হোৱা নাই ৷ প্ৰথমতে তেওঁ সুস্থ হ’বলৈ তিনি-চাৰি মাহৰ প্ৰয়োজন হ’ব বুলি ভবা হৈছিল । অৰ্থাৎ খেলপথাৰত পুনৰ প্ৰৱেশ কৰিবলৈ কমেও ছমাহ সময় লাগিব। কিন্তু সোমবাৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ দ্বিতীয়টো অস্ত্ৰোপচাৰ কৰা হয়। ইয়াৰ পাছতে আৰোগ্য হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। ফলত এদিনীয়া বিশ্বকাপতো খেলপথাৰৰ বাহিৰত থাকিবলগীয়া হ’ব পাৰে ভাৰতীয় উইকেটৰক্ষকগৰাকী।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি পন্ত সুস্থ হ’বলৈ ৯ৰ পৰা ১০ মাহ সময় লাগিব। অৰ্থাৎ অক্টোবৰৰ আগতে তেওঁৰ সুস্থ হোৱাৰ সম্ভাৱনা নাই। ভাৰতীয় ক্ৰিকেটাৰগৰাকীক সুস্থ হৈ উঠিবলৈ আৰু মেচ খেলিবলৈ ফিট হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব। ফলত আই পি এল, এছিয়া কাপৰ পাছত হয়তো পন্তে এদিনীয়া বিশ্বকাপৰ বাবে দলৰ বাহিৰত থাকিব লাগিব। চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব । সেই প্ৰতিযোগিতাত পন্তক দেখা নাযাব।
গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পিছৰে পৰা পন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছত প্ৰথমে ডেৰাডুনৰ মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক ৷ কিন্তু ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক তাত ৰাখিব বিচৰা নাছিল। তেওঁক এয়াৰ এম্বুলেন্সেৰে মুম্বাইলৈ লৈ যোৱা হয়। বর্তমান কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মুম্বাইৰ চিকিৎসালয়ত পন্তৰ দুটা অস্ত্ৰোপচাৰ কৰা হয়। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে গাড়ী দুৰ্ঘটনাত সোঁ ভৰিৰ আঁঠুৰ লিগামেণ্ট ফাটি গৈছিল।
অৱশ্যে এতিয়া পন্তৰ অৱস্থা কেনেকুৱা , সেই সন্দৰ্ভত চিকিৎসালয়খনে একো তথ্য প্ৰকাশ কৰা নাই। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ডাঃ দীনাশ পাৰ্দিৱালা আৰু তেওঁৰ দলটোৱে ক্ৰিকেটাৰ গৰাকীৰ অস্ত্ৰোপচাৰ কৰে। কোকিলাবেন হাস্পতালৰ উপৰিও তেওঁ ব’ৰ্ডৰ সৈতে পোনপটীয়াকৈ জড়িত আৰু ক্ৰিকেটাৰসকলৰ শাৰীৰিক ফিটনেছৰ বিষয়ে অৱগত। তেওঁৰ অধীনত চিকিৎসাধীন হৈ আছে পন্ত।