বলীউডৰ আন এক বিতৰ্কৰ নাম হৈছে ৰাখী সাৱন্ত । অদ্ভূত কাম কাজেৰে তেওঁ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ সম্প্ৰতি কর্কটত আক্ৰান্ত ৰাখীৰ মাতৃয়ো হাস্পতালত ভর্ত্তি হৈ আছে ৷ ইয়াৰ মাজতে দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত ৷ পূর্বে ৰিতেশে সিং নামৰ এজন ব্যক্তিৰ সৈতে তেওঁ বিয়াত বহিছিল ৷ সেই বিয়াখন তেওঁ গোপনে সম্পন্ন কৰিছিল। এইবাৰো ৰাখীয়ে গোপনে বিয়া পাতে। কিন্তু এইবাৰ ৰাখীৰ দৰা সকলোৰে চিনাকি ৷ ৰিতেশৰ লগত বিচ্ছেদ ঘটাৰ পিছত ৰাখীয়ে আদিল দুৰানীৰ সৈতে বিবাহত বহে ৷
ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ৰাখী আৰু আদিলৰ বিয়াৰ ছবি। আৱশ্যে ৰাখী-আদিলৰ বিবাহ অনুষ্ঠান সাধাৰণভাৱে সম্পন্ন হয় ৷ ৰাখীয়ে গোলাপী ৰঙৰ পোছাক পিন্ধি থকাৰ বিপৰীতে আদিলে ক’লা চাৰ্ট আৰু জিন্স পিন্ধিছিল। অৱশ্যে ৰাখীয়ে এই বিবাহ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।
কিন্তু এই আনন্দৰ মাজতো মাকৰ অসুখৰ বাবে ৰাখীৰ মনটো হতাশ হৈ পৰিছে। ২০২১ চনৰ এপ্ৰিল মাহত ৰাখীৰ মাতৃৰ অস্ত্ৰোপচাৰ হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ মাতৃ অসুস্থ হৈ পৰে ৷ তেওঁৰ মাতৃৰ সকলো চিকিৎসা ব্যয় সেই সময়ত অভিনেতা ছলমান খান আৰু তেওঁৰ ভাতৃ সোহেইল খানে বহন কৰিছিল।