বিশ্বকাপ জয়ৰ পিছত পুনৰ অনুশীলন আৰম্ভ কৰিছে লিয়নেল মেছিয়ে। পুনৰ খেলপথাৰত নামিবলৈ সাজু হৈছে মেছি ৷ বুধবাৰে লীগ ৱানত এঞ্জাৰছৰ বিৰুদ্ধে খেলিব মেছিয়ে। এই খেলখন ঘৰুৱা ক্ষেত্ৰত খেলিব পেৰিছ চেণ্ট জাৰ্মেইনে। দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল।
বিশ্বকাপৰ পূৰ্বে মেছিয়ে এই ছিজনত ক্লাবৰ হৈ ১৯খন খেল খেলিছে।তেওঁ মুঠ ১২টা গ’ল দিয়ে। কিন্তু মেছিয়ে বিশ্বকাপৰ পাছত পি এছ জিৰ হৈ দুখন মেচ খেলা নাছিল। সেই মেচবোৰৰ এখনত ক্লাবটো পৰাস্ত হৈছিল। লিগ ৱানত পইণ্ট টেবুলৰ তলত আছে এংগাৰছ। যোৱা ৯ খন মেচত পৰাস্ত হৈছে ক্লাৱটো ।
মেছিয়ে প্ৰথমে পেৰিছ ক্লাবৰ সৈতে ২ বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল। বিশ্বকাপ বিজয়ী তাৰকাগৰাকীৰ সৈতে চুক্তি বৃদ্ধি কৰিবলৈ বিচাৰিছে ক্লাবটোৱে। পি এছ জিৰ মেনেজমেণ্টে তাৰ আগতে কেইখনমান মেচত তেওঁৰ প্ৰদর্শন প্ৰত্যক্ষ কৰিব ৷
এই প্ৰসংগত পি এছ জিৰ প্ৰশিক্ষক ক্রিষ্টোফ গালচিয়ে কয় যে ক্লাবটোৱে মেছিৰ সৈতে আলোচনাত মিলিত হৈছে ৷ তেওঁ নিশ্চিতভাৱে এই ক্লাবত খেলিব বিচাৰিব।
বিশ্বকাপ জয় কৰি ঘৰলৈ উভতি অহাৰ পিছত মেছিয়ে কেইবাদিনো পৰিয়ালৰ সৈতে কটায়। ইয়াৰ পিছত তেওঁ ক্লাব ফুটবল খেলিবলৈ ফ্ৰান্সলৈ উভতি যায়। পেৰিছ চেণ্ট জাৰ্মেইন ষ্টেডিয়ামত ক্লাবৰ ফুটবলাৰ আৰু সহায়ক কৰ্মচাৰীয়ে মেছিক “গাৰ্ড অৱ অনাৰ” প্ৰদান কৰে। ক্লাবৰ মালিকে মেছিক বিশেষ উপহাৰ প্ৰদান কৰে । মেছিক চাবলৈ পেৰিছ বিমানবন্দৰৰ বাহিৰত গুণমুগ্ধই ভিৰ কৰে ৷