আমি নজনাকৈয়ে কেতিয়াবা কাকতলীয় ভাৱে এনে কিছুমান ঘটনা সংঘটিত হয় যি অমাৰ ইতিহাসৰ পাতত খোদিত হৈ ৰয় ৷ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সময়ে সময়ে এনেকুৱা কিছু ঘটনাৰ সাক্ষী হৈছে যিবোৰ সঁচা যদিও সহজে বিশ্বাস কৰা টান। নিউজ ১৮ (হিন্দী)ত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ইচ্ছাকৃতভাৱে নহয় সম্পূৰ্ণ কাকতলীয় ভাৱে ওচৰা-ওচৰিকৈ সমাধিস্থ কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰ প্ৰথমজন আৰু শেষৰজন সৈনিকক ।
১৯১৪ চনৰ ২৮ জুলাইত প্ৰথম বিশ্বযুদ্ধ ঘোষণা কৰা হৈছিল আৰু ১৯১৪ চনৰ ২১ আগষ্টত এই যুদ্ধত প্ৰথম জন সৈনিক জন পাৰৰ মৃত্যু হয়। আনহাতে, আনুষ্ঠানিকভাৱে ১৯১৮ চনৰ ১১ নৱেম্বৰত যুদ্ধৰ অন্ত পৰাৰ কথা ঘোষণা কৰা হয় আৰু এই ঘোষণাৰ মাত্ৰ ৯০ মিনিটৰ আগতে যুদ্ধৰ শেষৰজন সৈনিক জৰ্জ এলিছনৰ মৃত্যু হয়। ১৭ বছৰ বয়সত জনৰ মৃত্যু হয় আৰু প্ৰায় ৪ বছৰৰ পিছত ৪০ বছৰ বয়সত এলিছনৰ মৃত্যু হয় যদিও কাকতলীয়া কথাটো হ’লযে তেওঁলোকৰ দুয়োৰে মৃতদেহ বেলজিয়ামৰ এটা কবৰস্থানত ওচৰা-ওচৰিকৈ সমাধিস্থ কৰা হৈছে। এইটো ইচ্ছাকৃতভাৱে কৰা হোৱা নাছিল ৷ ই আছিল সম্পূৰ্ণ কাকতলীয় ভাৱে ঘটা এক ঘটনা ৷
মানুহে নিজৰ মৃত্যুক কেতিয়াও নিজে ৰখাই থ’ব নোৱাৰে ৷ কিন্তু নেদাৰলেণ্ডৰ চাইকেল আৰোহী মাৰ্টেন ডি জংগে দুবাৰকৈ মৃত্যু পিছুৱাই দিয়াটোও এটা আচৰিত কাকতলীয়া ঘটনা । ২০১৪ চনত এবাৰ তেওঁ মালয়েছিয়া এয়াৰলাইন্সৰ ১৭ নং বিমানত ইউক্ৰেইনলৈ যাত্ৰা কৰিবলৈ ওলাইছিল যদিও কম দামত আন এখন বিমান লাভ কৰাৰ বাবে শেষ মুহূৰ্তত পৰিকল্পনা সলনি কৰিছিল। ফলত ১৭ নং বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মাৰ্টেনৰ প্ৰাণ ৰক্ষা পৰে। দ্বিতীয়বাৰ পুনৰ সেই বছৰতে তেওঁ মালয়েছিয়া এয়াৰলাইন্সৰ বিমান ৩৭০ত যাত্ৰা কৰিবলগীয়া হৈছিল যদিও বিমানখন বেইজিং হৈ গৈ আছিল। তেওঁ তাতেই ৰৈ থাকিব বিচৰা নাছিল বাবেই তেওঁ টিকট বাতিল কৰিছিল আৰু সেই বিমানখন তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে। এইদৰে দুবাৰকৈ তেওঁৰ প্ৰাণ ৰক্ষা পৰিছিল।
এই ছবিখন দেখি আপুনি হয়তো ভাবিছে যে দুয়োজন মানুহ একে। কিন্তু এখন ছবি ক’লা-বগা আৰু আনখন ৰঙীন। কিন্তু এই দুজন মানুহ একে নহয়। ক’লা-বগা ছবিখনত থকা ব্যক্তিজনৰ নাম এনজো ফেৰাৰী, যি আছিল ফেৰাৰী কোম্পানীৰ মালিক আৰু কাৰ ৰেচাৰ। ১৯৮৮ চনৰ আগষ্ট মাহত ইটালীত তেওঁৰ মৃত্যু হয়। কিন্তু সেই বছৰতে অৰ্থাৎ ১৯৮৮ চনৰ ১৫ অক্টোবৰত জাৰ্মান ফুটবলাৰ অজিলৰ জন্ম হয়। আশ্চৰ্যজনক কথাটো হ’ল দুয়োৰে মুখখন ইটোৱে সিটোৰ লগত মিল আছে যদিও সিহঁতৰ কোনো কাৰণতে ইজনে সিজনৰ লগত সম্পৰ্ক নাই। অসম্ভৱ যেন লগা এই কাকতলীয়া ঘটনাটোও এক বাস্তৱ।