কৰ্মক্ষেত্ৰত বা ব্যক্তিগত জীৱনত হতাশা আৰু উদ্বেগৰ সন্মুখীন হোৱা লোকৰ সংখ্যা কম নহয়। মনোবিজ্ঞানীসকলৰ মতে ক্লান্তি এক বাহ্যিক পৰিঘটনা হ’লেও উদ্বেগ হৈছে এক জটিল সমস্যা যিটো সম্পূৰ্ণৰূপে মনৰ ভিতৰতে নিহিত হৈ থাকে। দুয়োটা ক্ষেত্ৰতে লক্ষণসমূহৰ অতি মিল আছে। গতিকে সোনকালে বুজাটো সম্ভৱ নহয়। কিছুমান বাহ্যিক সমস্যাৰ উপৰিও শৰীৰত কিছু পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে উদ্বেগ বাঢ়িব পাৰে।
শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱে উদ্বেগ বৃদ্ধি কৰিব পাৰে?
১) ভিটামিন ডি আৰু কে
শৰীৰত ভিটামিন ডি আৰু ভিটামিন কেৰ অভাৱত মানসিক চাপ বৃদ্ধি পাব পাৰে। এই ভিটামিন দুটাৰ প্ৰাকৃতিক উৎস হ’ল সূৰ্যৰ পোহৰ। যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ ৰ’দ নলয় তেন্তে এই দুটা ভিটামিন শৰীৰত প্ৰাকৃতিকভাৱে উৎপন্ন হ’ব নোৱাৰে।
২) জিংক আৰু কপাৰ
জিংক আৰু কপাৰ দুটা যৌগ যি মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। উদ্বেগ নিয়ন্ত্ৰণত এই দুটা যৌগৰ ভূমিকাও কম নহয়। চিকিৎসকে নিয়মীয়াকৈ তেজৰ পৰীক্ষা কৰি এই দুটা যৌগ শৰীৰত স্বাভাৱিক হয় নে নহয় সেই বিষয়ে জানিবলৈ পৰামৰ্শ দিয়ে।
৩) মেগনেছিয়াম
মানসিক বিষণ্ণতাৰ আন এটা কাৰণ হ’ব পাৰে শৰীৰত মেগনেছিয়ামৰ অভাৱ। সূৰ্যমুখী ফুলৰ বীজ , ৰঙালাউৰ বীজৰ উপৰি প্ৰতিদিনে বিভিন্ন ধৰণৰ বাদাম খালেও পৰ্যাপ্ত পৰিমাণৰ মেগনেছিয়াম পোৱা যায়।
৪) ওমেগা ৩ ফেটি এচিড
মনোবিজ্ঞানীসকলৰ মতে শৰীৰত এই যৌগটোৰ অভাৱে আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি কৰিব পাৰে। গতিকে খাদ্যৰ তালিকাত প্ৰতিদিনে সাগৰীয় মাছ, বিভিন্ন ধৰণৰ বাদাম থাকিব লাগে।
৫) ভিটামিন বি কমপ্লেক্স
ভিটামিন বি কমপ্লেক্সে কিছুমান দেহ মন ভাল লগোৱা হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে, যেনে চেৰ’টনিন, ড’পামিন। গতিকে শৰীৰত এই যৌগটোৰ অভাৱ হোৱা উচিত নহয়।
কি কি খাদ্যই উদ্বেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে?
১) হালধি
অধ্যয়নত প্ৰমাণিত হৈছে যে হালধিত থকা ‘কাৰকুমিন’ নামৰ যৌগটোৱে মগজুৰ স্নায়ুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৮ সপ্তাহ হালধি সেৱন কৰিলে বৃদ্ধ বয়সত ডিমেনচিয়া হোৱাৰ সম্ভাৱনা কম হয়।
২) ডাৰ্ক চকলেট
মাজে মাজে উদ্বিগ্নতাত ভুগি থকা ১৪ হাজাৰ লোকৰ ওপৰত কৰা এক অধ্যয়নত ডাৰ্ক চকলেটে নিমিষতে তেওঁলোকৰ মগজু শান্ত কৰাটো প্ৰমাণিত হৈছিল ৷
৩) দৈ
দৈত বহুতো স্বাস্থ্যকৰ বেক্টেৰিয়া থাকে, যিবোৰ আন্ত্ৰিকতাৰ লগতে মগজুৰ স্বাস্থ্যৰ বাবেও উপকাৰী।