নাছাই সৌৰজগতৰ বাহিৰত এটা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে । সেই গ্ৰহটো ‘বাসযোগ্য’ হয় নে নহয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও বিজ্ঞানীসকলে তাত পানী থাকিব পাৰে বুলি অনুমান কৰিছে । কাৰণ নতুনকৈ আৱিষ্কাৰ কৰা গ্ৰহটো ‘সূৰ্য্য’ৰ ‘বাসযোগ্য অঞ্চল’ৰ ভিতৰত অৱস্থিত ।
নতুনকৈ আৱিস্কাৰ কৰা গ্ৰহটোৰ নাম দিয়া হৈছে টি অ’ আই ৭০০ ই (‘TOI 700E’।) ৷ পৃথিৱীৰ পৰা প্ৰায় ১০০ আলোকবৰ্ষ দূৰত ডোৰাডো নক্ষত্ৰমণ্ডলত গ্ৰহটো অৱস্থিত । বিশ্বব্ৰহ্মাণ্ডৰ ক্ষেত্ৰত এই দূৰত্ব বৰ বেছি দূৰ নহয়। টি অ’ আই ৭০০ ই আই-এ আন কেইবাটাও গ্ৰহৰ লগতে টিঅ’আই ৭০০ ( ‘TOI 700’ )নামৰ তৰাটোক প্ৰদক্ষিণ কৰে ৷
নাছাৰ ট্ৰেনজিটিং এক্স’প্লেনেট চাৰ্ভে চেটেলাইট (TES)ৰ দ্বাৰা এই গ্ৰহটো দেখা গৈছিল। লাভ কৰা তথ্য বিশ্লেষণ কৰি নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ বিজ্ঞানীসকলে এই গ্ৰহটোৰ বিষয়ে জানিবলৈ সক্ষম হৈছে । এই একেটা বিজ্ঞানী দলৰ প্ৰতিনিধি এমিলি গিলবাৰ্টে শেহতীয়াকৈ আমেৰিকাৰ ছিয়াটলত অনুষ্ঠিত জ্যোতিৰ্বিজ্ঞানীসকলৰ বাৰ্ষিক বৈঠকত এই নতুন গ্ৰহটোৰ বিষয়ে অৱগত কৰিছিল ৷ যিটো বৈজ্ঞানিক গৱেষণা আলোচনী দ্যা এষ্ট্ৰফিজিকেল জার্নেল লেটার্চ (The Astrophysical Journal Letters) ও প্ৰকাশ কৰিছে।
ইতিমধ্যে নাছাই ইয়াক প্ৰদক্ষিণ কৰি থকা আন তিনিটা গ্ৰহ টিঅ’আই ৭০০ বি,চি ডি (TOI 700b, C আৰু D) আৱিষ্কাৰ কৰিছে। এইবাৰ চতুৰ্থ গ্ৰহ আৱিষ্কাৰ কৰা হৈছে। নাছাই লাভ কৰা তথ্য অনুসৰি টি অ’ আই ৭০০ ইৰ ভূমি শিলৰ। কিন্তু ইয়াত পানীও থাকিব পাৰে। কাৰণ, বিজ্ঞানীসকলৰ মতে, তৰাটোৰ পৰা সেই দূৰত্বত গ্ৰহটোৰ পৃষ্ঠত পানী থকাৰ সম্ভাৱনা আছে।
নাছাই দিয়া হিচাপ অনুসৰি নতুনকৈ আৱিষ্কাৰ কৰা এই গ্ৰহটোৰ আকাৰ পৃথিৱীৰ ৯৫ শতাংশ। এই গ্ৰহটোৱে ২৮ দিনত নিজৰ সূৰ্য্যক প্ৰদক্ষিণ কৰে। কিন্তু টি অ’ আই ৭০০ ই নিজৰ অক্ষত ঘূৰি নাথাকে। ফলত চন্দ্ৰৰ দৰে এটা ফাল সদায় তৰাৰ পোহৰৰ সন্মুখত থাকে। সিটো পাৰে আন্ধাৰ। ফলত গ্ৰহটো বসবাসযোগ্য হ’লেও ইয়াৰ এফালে চিৰন্তন দিনৰ পোহৰ আৰু আনফালে অন্তহীন নিশা হৈ থাকিব ৷
নাছাই কয় যে ‘টি অ’ আই ৭০০ পৰিয়ালৰ বাকী গ্ৰহবোৰো নিজৰ অক্ষত স্থিৰ হৈ আছে। এটা পৃথিৱীৰ আকাৰৰ ৯০ শতাংশ আৰু এটাৰ আকাৰ ডেৰ-দুইগুণ। কিছুমানে ১৬ দিনত নিজৰ তৰাটোক প্ৰদক্ষিণ কৰে। ৩৭ দিনত আন এটাই প্ৰদক্ষিণ কৰে ।