দেশৰ শাসকীয় দল বিজেপিৰ বিভিন্ন নেতা-মন্ত্ৰীয়ে ইতিহাস পুনৰ লিখাৰ কথা বাৰে বাৰে দোঁহাৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ পূৰ্বেও বিদেশী শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত ইতিহাস লিখাৰ কথা বাৰম্বাৰ উল্লেখ কৰি আহিছে । বৃহস্পতিবাৰে তেওঁ পুনৰ এই নতুন ইতিহাস লিখাৰ কথা উল্লেখ কৰে ৷ নতুন দিল্লীত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বাহে কয় যে ব্ৰিটিছ দেশ এৰি গ’লেও ইতিহাস এতিয়াও তেওঁলোকৰ দৃষ্টিৰে লিখা হৈ আছে। তেওঁ ভাৰতৰ দৃষ্টিকোণৰ পৰা ইতিহাস লিখাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিয়ে।
তেওঁৰ বক্তব্যৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যও উল্লেখ কৰে। তেওঁৰ ভাষাত “প্ৰধানমন্ত্ৰীয়ে আমাৰ ইতিহাসক ব্ৰিটিছ ঔপনিবেশবাদৰ পৰা মুক্ত কৰাৰ কথা কৈছিল। আমি সেয়া কৰিবলৈ চেষ্টা কৰা উচিত।” শ্বাহে দাবী কৰিছিল যে বিনায়ক দামোদৰ সাৱৰকাৰে ভাৰতৰ দৃষ্টিকোণৰ পৰা ইতিহাস লিখিবলৈ চেষ্টা কৰিছিল ৷ তেওঁ কয় “বীৰ সাৱৰকাৰেই প্ৰথমে ১৮৫৭ চনৰ মহাবিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি উল্লেখ কৰিছিল।”
অসহযোগ আন্দোলনৰ কথাও শ্বাহে ভাষণত উল্লেখ কৰে ৷ তেওঁ কয় “স্বাধীনতা লাভৰ ক্ষেত্ৰত অসহযোগ আন্দোলনৰ ভূমিকা নিশ্চয় আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সশস্ত্ৰ আন্দোলনৰ কোনো ভূমিকা নাই।“ দিল্লীলৈ যোৱাৰ পথত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি দেখি তেওঁ ‘সন্তুষ্টি’ হোৱা বুলিও মন্তব্য কৰে শ্বাহে। ইতিহাস অধ্যয়ন আৰু লেখাৰ ক্ষেত্ৰত এতিয়াও বহু বিভ্ৰান্তি আছে বুলিও তেওঁ দাবী কৰে।