ভাৰতবৰ্ষৰ এজন জনপ্ৰিয় তথা সুপৰিচিত কৰিঅ’গ্ৰাফাৰ ৰেমো ডিছ’জাৰ পত্নী লিজল ৷ যাৰ এসময়ত ওজন আছিল ১০৫কিল’গ্ৰাম ৷ কিন্তু ১০৫ কেজিৰ পৰা তেওঁ ৪০ কিল’গ্ৰাম ওজন হ্ৰাস কৰাৰ যি যাত্ৰা বৰ্তমান সময়ত সি হৈছে আন যিকোনো ব্যক্তিৰ বাবে প্ৰেৰণাদায়ক । মাত্ৰ দুবছৰতে নিজৰ ওজন ৪০ কিলোগ্ৰাম হ্ৰাস কৰি সকলোকে আচৰিত কৰি তুলিছে লিজেল ডিছ’জাই।
দুবছৰৰ আগত লিজেলৰ ওজন আছিল ১০৫ কিলোগ্ৰাম আৰু বৰ্তমান তেওঁ নিজৰ ওজন হ্ৰাস কৰিলে ৬৫ কিলোগ্ৰামলৈ । ইয়াৰ বাবে অৱশ্যেই লিজেলে কঠোৰ পৰিশ্ৰম কৰিছে ।
অৱশ্যে লিজেলে তেওঁৰ ওজন হ্ৰাস কৰা সন্দৰ্ভত কয় যে ওজন কমোৱাটো আচলতে শাৰীৰিক প্ৰত্যাহ্বানতকৈ এক মানসিক প্ৰত্যাহ্বানহে । এই বিষয়ে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টতো লিখিছে আৰু ওজন হ্ৰাসৰ আগৰ আৰু পিছৰ কিছু ফটোও শ্বেয়াৰ কৰিছে। লিজেলে কয় যে ওজন কমোৱাৰ বাবে মাজে মাজে তেওঁ উপবাস কৰিছিল, যিটো তেওঁৰ বাবে অতি ফলপ্ৰসূ আছিল।
২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা লিজেলে মাজে মাজে উপবাস আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত দিনটোত ১৫ ঘণ্টা উপবাসে থাকি তাৰ পিছতহে কিবা খাইছিল। কিন্তু জুন মাহৰ পৰা তেওঁ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ আৰম্ভ কৰিছিল। লক ডাউনৰ সময়ত তেওঁ মাজে মাজে উপবাস কৰি কেৱল ঘৰতে ৰন্ধা খাদ্যহে খাইছিল। ৰেমো আৰু তেওঁ সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে সন্ধিয়া তেওঁলোকৰ বিল্ডিঙৰ চৌহদত খোজ কাঢ়িবলৈ যাব। ইয়াৰ লগতে তেওঁ মাজে মাজে উপবাসৰ সময় বৃদ্ধি কৰি দিনটোত এবাৰ খাবলৈ আৰম্ভ কৰে ।
লিজেলৰ মতে ৰেমো অসুস্থ হোৱাৰ পিছত তেওঁ তৰল খাদ্য, কম কেলৰিযুক্ত খাদ্য খাবলৈ আৰম্ভ কৰিছিল আৰু ওজন নিয়ন্ত্ৰণ কৰিবলৈ শিকিছিল । এইদৰে ৩ মাহত তেওঁ নিজৰ ওজন ৮ৰ পৰা ৯ কেজিলৈ হ্ৰাস কৰিলে আৰু দুবছৰৰ অন্তত ৪০কিলোগ্ৰাম ওজন হ্ৰাস কৰি ১০৫ কিলোগ্ৰামৰ পৰা তেওঁৰ ওজন হ’লগৈ ৬৫ কিলোগ্ৰাম।