সমগ্ৰ বিশ্বৰ ভিতৰতে এক জনপ্ৰিয় তথা আগশাৰীৰ প্ৰতিষ্ঠান বিএমডব্লিউৱে মুকলি কৰিছে নতুন ৩ ছিৰিজ গ্ৰেন লিমুজিন।জানিব পৰা মতে ইয়াৰ মূল্য ৫৭.৯০ লাখ টকা (পেট্ৰল) ।আনহাতে ৫৯.৫০ লাখ টকাত মুকলি কৰা হৈছে ইয়াৰ ডিজেল ইঞ্জিন সংস্কৰণ।
কোম্পানীটোৰ চেন্নাইৰ প্লাণ্টত নিৰ্মাণ কৰা হ’ব দুটা ভেৰিয়েন্টৰ এই বাহনখন। ইয়াৰ ভেৰিয়েন্ট দুটা হ’ল – ৩৩০এল.আই.এম. স্প’ৰ্ট (330Li M Sport)আৰু৩২০ এল.ডি.এম.স্প’ৰ্ট)320Ld M Sport।
বাহনখনৰ পেট্ৰ’ল ভেৰিয়েন্টত আছে ২ লিটাৰ, ৪ চিলিণ্ডাৰ ইঞ্জিন যিয়ে ২৫৮এইচ.পি(hp) আৰু ৪০০এন.এম(Nm) সৰ্বোচ্চ শক্তি উৎপন্ন কৰে। বাহনখনৰ গতিবেগ মাত্ৰ ৬.২ ছেকেণ্ডত ঘণ্টাত ০ৰ পৰা ১০০ কিলোমিটাৰ। ডিজেল ভেৰিয়েন্টৰ ক্ষমতাও ২ লিটাৰ, ৪ চিলিণ্ডাৰ ইঞ্জিন যদিও শক্তিৰ সংখ্যা বেলেগ। ইয়াৰ ফলত ১৯০ এইচ.পি.(hp) শক্তি উৎপাদন হ’ব। দুয়োটা ইঞ্জিনতে উপলব্ধ ষ্টেপট্ৰনিক স্প’ৰ্ট অটোমেটিক গিয়াৰবক্স।
এই বিলাসী বাহনখনত আছে দুখন ডিছপ্লে’। মিডিয়া আৰু অন্যান্য নিয়ন্ত্ৰণৰ বাবে প্ৰথমটো হৈছে ১৪.৯ ইঞ্চিৰ ডিছপ্লে’ আৰু দ্বিতীয়টো হৈছে ১২.৩ ইঞ্চিৰ ডিজিটেল ড্ৰাইভাৰ ডিছপ্লে। বেটেৰী চাৰ্জিং, এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো কানেক্টিভিটি আৰু এম্বিয়েণ্ট লাইটিঙৰ দৰে সুবিধা সমূহো উপলব্ধ বাহনখনক বিএমডব্লিউৱে ষ্টেণ্ডাৰ্ড হিচাপে আগবঢ়াইছে ‘ডিজিটেল পালছ’ । ই লাইটিঙৰ সৈতে সমন্বিত ষ্টাইলিছ ৱেলকাম নোটৰ সৈতে বাহনৰ দুৱাৰ স্বয়ংক্ৰিয় ভাৱে খোলাত সহায় কৰিব।
সুৰক্ষাৰ ক্ষেত্ৰত নতুন ৩ ছিৰিজ গ্ৰেন লিমুজিনে অটো ষ্টাৰ্ট, ব্ৰেক-শক্তি পুনৰুত্পাদন, ইলেক্ট্ৰনিক পাৱাৰ ষ্টিয়াৰিং, ছটা এয়াৰবেগ, এটেনচন এচিষ্ট, ডাইনামিক ষ্টেবিলিটি কণ্ট্ৰোল (ডিএছচি), কৰ্ণাৰিং ব্ৰেক কন্ট্ৰ’ল (চিবিচি) আৰু ইলেক্ট্ৰিক পাৰ্কিং ব্ৰেক লাভ কৰিব ৷ লগতে সুৰক্ষা, ইলেক্ট্ৰনিক বাহন ইম’বিলাইজাৰ আৰু ক্ৰেচ চেন্সৰৰ সুবিধাও উপলব্ধ হ’ব এই বাহনখনত ।