ফিফাৰ বর্ষ শ্ৰেষ্ঠ ফুটবলাৰৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ লিয়নেল মেছি আৰু কাইলিয়ান এমবাপেৰ দৰে তাৰকাৰ নাম এই তালিকাত সন্নিৱিষ্ট হৈছে । এইবাৰৰ ফুটবল বিশ্বকাপত সোণৰ বুট এমবাপে আৰু সোণৰ বল মেছিয়ে লাভ কৰিছিল ৷ যদিও ১৪জনীয়া ফুটবলাৰৰ তালিকাত নাম নাই ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ৷২০২২ চনত ৰোনাল্ডো ইটোৰ পিছত সিটো বিতৰ্কত লিপ্ত হৈ আহিছে। বিশ্বকাপতো তেওঁ উন্নত প্ৰদর্শনত ব্যৰ্থ হয়। সেইবাবেই হয়তো ৰোণাল্ডোৰ নাম শ্ৰেষ্ঠৰ তালিকাত অন্তভুর্ক্ত কৰা হোৱা নাই ৷
২০২২ চনত ফুটবল জগতত ভাল খেলা ফুটবলাৰসকলক এই তালিকাত স্থান দিয়া হৈছে ৷ দেশীয় ফুটবলৰ বাহিৰেও তাত ক্লাব ফুটবলৰ প্ৰদর্শনো চোৱা হৈছে ৷ মেছিৰ উপৰিও এমবাপে, বেলন ডি অৰ বিজয়ী কৰিম বেনজেমা এই তালিকাত আছে। যুৱ ফুটবলাৰ জুড বেলিংহাম, আশ্ৰফ কৰিমিৰা, ব্ৰাজিলৰ নেইমাৰ, ক্ৰ’ৱেচিয়াৰ মড্ৰিচ, পোলেণ্ডৰ লেয়নডস্কিও এই তালিকাত আছে।
মেছিৰ অবিহনে জুলিয়ান আলভাৰেছে এইবাৰ বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ চমক সৃষ্টি কৰিছিল ৷ দেশখনৰ হৈ বিশ্বকাপ জয় কৰাত তেওঁৰ ভূমিকা আছিল ডাঙৰ। গতিকে তেওঁকো সেই তালিকাত ৰখা হৈছে । কিন্তু ৰোনাল্ডোৰ বাবে যোৱা বছৰটো একেবাৰে ভাল নাছিল ৷ ইউৰোপৰ ফুটবল সীমাৰ অতিক্ৰম কৰি এইবাৰ ৰোনাল্ডোৱে এছিয়াত ভৰি দিছে। চৌদি আৰৱৰ ক্লাব আল নাছেৰৰ সৈতে তেওঁ স্বাক্ষৰ কৰিছে । যদিও তেওঁ এতিয়াও ক্লাবৰ হৈ খেলপথাৰত প্ৰৱেশ কৰিব পৰা নাই। হয়তো তেওঁ মেছিৰ পেৰিছ চেণ্ট জাৰ্মেইনৰ বিৰুদ্ধে প্ৰীতি মেচ খেলি অভিষেক ঘটাব।
ফিফাৰ বর্ষশ্ৰেষ্ঠ ১৪ গৰাকী ফুটবলাৰ : লিয়নেল মেছি, কাইলিয়ান এমবাপে, কৰিম বেনজেমা, জুলিয়ান আলভাৰেছ, জুড বেলিংহাম, কেভিন দ্য ব্ৰুইন, আৰ্লিং হালেণ্ড, আশ্ৰাফ হাকিমি, ৰবাৰ্ট লিয়ণ্ডস্কি, ছাডিঅ’ মেনে, লুকা মড্ৰিক, নেইমাৰ, মহম্মদ চালাহ, ভিনিচিয়াছ জুনিয়ৰ।