অষ্ট্ৰেলিয়ান অ’পেনৰ আৰম্ভণিতে অঘটন ৷ ষ্ট্ৰেইট ছেটত পৰাস্ত হৈ বিদায় গ্ৰহণ কৰে ৰাফেল নাডালে। যোৱাবাৰৰ চেম্পিয়ন নাডাল দ্বিতীয় ৰাউণ্ডত পৰাস্ত হয় । আমেৰিকান মেকেঞ্জী মেকড’নাল্ডৰ বিৰুদ্ধে ৪-৬, ৪-৬, ৫-৭ ছেটত পৰাস্ত হয় নাডাল।
বুধবাৰে ৰড লেভাৰ এৰিনাত ২ ঘণ্টা ৩২ মিনিটৰ যুঁজৰ অন্তত বিদায় লয় নাডালে। ২২ টা গ্ৰেণ্ড শ্লেম বিজয়ী নাডালে আঘাতৰ সৈতে যুঁজ দি আহিছে । বুধবাৰে যেতিয়া তেওঁ প্ৰথম ছেটত পৰাস্ত হৈ দ্বিতীয় ছেটত ৩-৫ গ’লত পিছ পৰি আছিল তেতিয়া তেওঁ চিকিৎসকক মাতিবলগীয়া হৈছিল। তেওঁৰ কঁকালৰ বাওঁফালে আঘাত পায়। ৩৬ বছৰীয়া নাডাল ক’ৰ্টলৈ উভতি আহিছিল যদিও আঘাতৰ বাবে বাধাৰ সৃষ্টি হৈছিল। আঘাতেৰেই তেওঁ খেলা-ধূলা অব্যাহত ৰাখে ৷ কিন্তু শেষত বিশ্বৰ ৬৫ সংখ্যক খেলুৱৈৰ বিৰুদ্ধে নাডাল পৰাস্ত হয়।
নাডালে চিকিৎসাৰ বাবে কিছু সময় জিৰণি লৈ থকাৰ সময়তে দৰ্শকৰ মাজত থকা নাডালৰ পত্নী মাৰিয়াক ঢলি পৰে ৷ পৰাস্ত হোৱাৰ পিছতো মাৰিয়া কান্দোনত ভাগি পৰে ৷ চিকিৎসাৰ অন্তত ক’ৰ্টলৈ উভতি অহাৰ সময়ত নাডালে তেনেকৈ খেলিব নোৱাৰিলে।
দীৰ্ঘদিনীয়া কেৰিয়াৰত দুবাৰকৈ অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে নাডালে। ২০০৯ চনৰ পিছত যোৱা বছৰ তেওঁ এই গ্ৰেণ্ড শ্লেমত জয়লাভ কৰিছিল। তেওঁ ১৪ বাৰ ফ্ৰেন্স অ’পেনত জয়লাভ কৰে। যোৱা বছৰ নাডালে এই দুয়োটা গ্ৰেণ্ড শ্লেম জয় কৰিছিল। ইয়াৰ উপৰিও স্পেনিছ তাৰকাগৰাকীয়ে দুবাৰকৈ উইম্বলডন আৰু চাৰিবাৰকৈ ইউ এছ অ’পেনত জয়লাভ কৰিছে। এতিয়া বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত আছে নাডাল।