২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰ। এই গোচৰত অভিযুক্ত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)য়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। এই গোচৰৰ সময়ত অভিনেত্ৰীগৰাকীক আদালতে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছিল। এইবাৰ জেকলিনে বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছে। দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে অভিনেত্ৰীগৰাকীৰ আবেদনৰ ভিত্তিত ইডিৰ পৰা উত্তৰ বিচাৰিছে।
সূত্ৰ অনুসৰি ‘কিক ২’ৰ বিখ্যাত অভিনেত্ৰীগৰাকীয়ে জানুৱাৰী মাহৰ শেষৰ ফালে কৰ্মসূত্ৰে ডুবাইলৈ যাব। যাৰ বাবে তাৰকাগৰাকীয়ে সোমবাৰে আদালতত আবেদন দাখিল কৰে। আদালতে ইডিক ২৫ জানুৱাৰীৰ ভিতৰত এই আবেদনৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। সেইদিনা গম পোৱা যাব, জেকলিনক বিদেশ ভ্ৰমণ কৰিবলৈ দিয়া হ’ব নে নাই।
প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে ২০২২ চনৰ ডিচেম্বৰ মাহত ‘ৰাম সেতু’ৰ অভিনেত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰি আদালতলৈ গৈছিল। জেকলিনে মাতৃ অসুস্থ আৰু তেওঁৰ ওচৰলৈ যাব বিচৰাৰ দোহাই দি আদালতত আবেদন জনায়। অৱশ্যে বিদেশ ভ্ৰমণৰ অনুমতি এতিয়াও আদালতৰ পৰা তেওঁ লাভ কৰা নাই ৷
২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ মূল অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ। ইতিমধ্যে সুকেশক গ্ৰেপ্তাৰ কৰা হৈছে। সুকেশৰ জেৰাৰ সময়ত তেওঁৰ ‘প্ৰেমিকা’ জেকলিন ফাৰ্নাণ্ডেজৰ নাম সাঙোৰ খাই পৰে । তদন্তকাৰী সংস্থা ইডিৰ মতে, জেকলিনে সুকেশৰ পৰা একাধিক মূল্যৱান উপহাৰ লৈছিল। অভিনেত্ৰীগৰাকীয়ে কোটি কোটি টকাৰ জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছত ইডিয়ে তাৰকাগৰাকীক অভিযুক্ত ঘোষণা কৰে। তেওঁৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যোৱা বছৰৰ ১৫ নৱেম্বৰত জামিন লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইতিমধ্যে জেকলিনে ইডিৰ চমনত কেইবাবাৰো আদালতত হাজিৰ হৈছে।