গুগল, টুইটাৰ, আমাজন, ফেচবুকৰ পিছত এইবাৰ কর্মচাৰী চাটাই অভিযান চলাব মাইক্ৰ’ছফ্ট প্ৰতিষ্ঠানে ! নতুন বছৰৰ আৰম্ভণিতে বহুজাতিক কোম্পানী মাইক্ৰ’ছফটে প্ৰায় ১১ হাজাৰ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। যদিও কোটিপতি বিল গেটছে প্ৰতিষ্ঠা কৰা কোম্পানীটোৱে এই বিষয়ে এতিয়াও মুকলিকৈ এই কথা প্ৰকাশ কৰা নাই ৷
সংবাদ সংস্থাসমূহৰ মতে, বিশ্বজুৰি মাইক্ৰ’ছফ্টৰ মুঠ কৰ্মশক্তিৰ কমেও ৫ শতাংশ চাটাই কৰা হ’ব ৷ মূলতঃ অভিযান্ত্ৰিক আৰু মানৱ সম্পদ বিভাগত কৰ্মৰত কৰ্মচাৰীসকলক চাটাই কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বে ২০২২ চনত মাইক্ৰ’ছফটে ১০০০ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ব্ৰিটেইনৰ স্কাই নিউজে প্ৰকাশ কৰা অনুসৰি মাইক্ৰ’ছফটে ৫ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে আমাজনৰ চিইঅ’ এণ্ডি জেছিয়ে কৰ্মচাৰী হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা বছৰ আমাজনে প্ৰায় ১৮ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ফেচবুকৰ নিয়ন্ত্ৰক মেটাই ১১ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। আৰু টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত কোটিপতি ইলন মাস্কে কোম্পানীটোৰ ৫০ শতাংশ কৰ্মচাৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰে। অৰ্থনৈতিক সম্প্ৰদায়ৰ এটা অংশই ভৱিষ্যদ্বাণী কৰিছে যে বিশ্বৰ ৰাজনৈতিক মন্দাৱস্থা আৰু ইউৰোপ-আমেৰিকাত মুদ্ৰাস্ফীতিৰ বাবে ২০২৩ চনত কোম্পানীসমূহে পুনৰ বৃহৎ চাটাইৰ পথত আগবাঢ়িছে ৷