এক আগশাৰীৰ হোটেল ব্যৱসায়ৰ সৈতে জড়িত অয়’ পৰিচালনা কৰা কোম্পানী অৰেভেল ষ্টেজ লিমিটেডে অহা মাহৰ মাজভাগৰ ভিতৰত আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব ৷ বুধবাৰে এই কথা প্ৰকাশ কৰি কোম্পানীটোৱে কয় যে চলিত মাহৰ আৰম্ভণিতে কেপিটেল মাৰ্কেট নিয়ন্ত্ৰক চেবিয়ে কোম্পানীটোক কিছু নতুন তথ্যৰ সৈতে প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) খচৰা পুনৰ দাখিল কৰিবলৈ কৈছিল। কোম্পানীটোৱে কয় যে তেওঁলোকে সকলো প্ৰধান অংশ একেলগে আপডেট কৰাৰ বাবে বৰ্তমান কাম কৰি আছে ।
অৱশ্যে গৱেষক সকলৰ সৈতে লগ হৈ কৰা এই কামৰ দায়িত্ব বিভিন্ন দলৰ মাজত ভাগ কৰি দিয়া হৈছে । কোম্পানীটোৰ জ্যেষ্ঠ কাৰ্যবাহীসকলে বুক ৰানিং লিড মেনেজাৰ, আই পি অ’ বেংকাৰ, উকীল আৰু অডিটৰসকলৰ সৈতে লগ হৈ এই কাম আগবঢ়াই নিছে ৷ আনহাতে কোম্পানীটোৰ মুখপাত্ৰ গৰাকীৰ মতে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ ভিতৰত কোম্পানীটোৱে ডি আৰ এইচ পি পুনৰ দাখিল কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছো।