আজি নতুন দিল্লীৰ অসম হাউচৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি ৰাজ্যৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ বৰ্তমানৰ অৱস্থাৰ বুজ ল’বলৈ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
উক্ত ভিডিঅ’ কনফাৰেন্সৰ বৈঠক খনিত ৰাজ্যখনৰ জনসাধাৰণক উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ নিৰন্তৰ উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্রী গৰাকীয়ে ।