শীতকালত হোৱা এবিধ লোক পাচলি হ’ল গাজৰ। শৰৎ কালত গাজৰৰ গুটি সিঁচা হয় আৰু সেৱা শীতকালত খাবৰ উপযোগী হয়। আজিকালি বিভিন্ন জাতৰ গাজৰ বজাৰত বাৰমাহে পোৱা যায় যদিও শীতকাল আহিলেই গাজৰৰ কথা আমাৰ মনলৈ আহে।
গাজৰক আমি সাধাৰণতে কেঁচা ৰূপত চালাড কৰি ভাত বা ৰূটিৰ লগত খাওঁ। ইয়াৰ উপৰিও তৰকাৰী বা ভাজি আদিত গাজৰ মিহলি কৰি খোৱা হয়। সকলোৰে এবিধ প্ৰিয় আহাৰ হল , বন্ধাকবি , কেঁচা মটৰ , আলু , গাজৰ দি বনোৱা তৰকাৰী খন। গাজৰৰ আচাৰ , হালোৱা আদিও বনাই খোৱা হয়। গাজৰত প্ৰচুৰ পৰিমানে ভিটামিন এ থাকে। ইয়াৰ বাহিৰেও মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদানেই গাজৰত পোৱা যায়। প্ৰ’টিন , চৰ্বি , শৰ্কৰা , কেলছিয়াম , আইৰণ , মেগনেছিয়াম , ফছফৰাছ , ছ’ডিয়াম , পটাছিয়াম , ছালফাৰ , ভিটামিন ( এ , বি আৰু চি ) গাজৰত থাকে।
শিশুক সাধাৰণতে নতুন দাঁত ওলাবৰ সময়ত গাজৰ হাতত তুলি দিয়া হয়। ইয়াৰ ফলত দাঁতৰ আলুটো টান হয় বুলি পুৰণি দিনৰে পৰা আইতা হঁতৰ মুখে মুখে চলি আহিছে। শিশুক প্ৰতিদিনে এটা গাজৰ সিদ্ধ কৰি খোৱালে যথেষ্ট উপকাৰ হয়।
কফ , পিত্ত , কৃমি আদি ৰোগত গাজৰে প্ৰতিষেধকৰ কাম কৰে। শক্তি বৰ্ধক গাজৰ ভাত বা ৰুটিৰ লগত দৈনিক চালাড কৰি খালে শৰীৰে বল-শক্তি লাভ কৰাৰ লগতে বিভিন্ন বেমাৰৰ প্ৰতিৰোধী শক্তিও অৰ্জন কৰিব পাৰে।
গতিকে আহকচোন ঘৰৰ খেতিতে হোৱা গাজৰ বা সহজতে বজাৰত উপলব্ধ গাজৰেৰে আমি ৰাতিপুৱাৰ জলপান আৰম্ভ কৰো।